26 C
Guwahati
Friday, October 7, 2022
More

    কোনে, কেতিয়া, ক’ত দেশত প্ৰথমবাৰৰ বাবে জাতীয় পতাকা উত্তোলন কৰিছিল

    কোনে, কেতিয়া, ক’ত দেশত প্ৰথমবাৰৰ বাবে জাতীয় পতাকা উত্তোলন কৰিছিল-

    এখন ৰাষ্ট্ৰীয় পতাকা এখন দেশৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ প্ৰতীক। ভাৰতীয়সকলে সদায় ত্ৰিৰংগাক উচ্চ সন্মান দি আহিছে।

    ই কেৱল স্বাধীনতা সংগ্ৰামতে নহয়, আনকি স্বাধীনতাৰ পিছৰ যুদ্ধতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, যাৰ ভিতৰত উল্লেখযোগ্য ভাৰত-চীন যুদ্ধ আৰু কাৰ্গিল যুদ্ধ।

    এইবাৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত তিৰংগাক সন্মান জনোৱাৰ বাবে ভাৰত চৰকাৰে ‘আজাদী কা অমৃত মহৎসৱ’ৰ অধীনত ‘হৰ ঘৰ তিৰংগা’ তথা ঘৰে ঘৰে তিৰংগা অভিযান আয়োজন কৰাৰ সিদ্ধান্ত লৈছে।

    সেই উদ্দেশ্যে আজি ১৩আগষ্ট তাৰিখৰে পৰা ১৫ আগষ্টলৈ সমগ্ৰ দেশৰ বিদ্যালয়, কাৰ্যালয় আৰু আনকি ঘৰতো জাতীয় পতাকা উৰুৱাইছে আৰু উৰুৱাব বহু লোকে।

    ভাৰতবৰ্ষত ১৯০৪ চনৰ পৰা ১৯৪৭ চনলৈ কেইবাপ্ৰকাৰৰো ভিন্ন নক্সাৰ জাতীয় পতাকা প্ৰচলন হৈ আহি আছিল। ১৯০৪ চনত স্বামী বিবেকানন্দৰ শিষ্য ভগ্নী নিবেদিতাই প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকাখন ডিজাইন কৰিছিল বুলি কোৱা হয়।

    পতাকাখন ৰঙা আৰু হালধীয়া দুটা ৰঙেৰে গঠিত আছিল। ইয়াৰ কেন্দ্ৰত এটা ‘বজ্ৰ’ আছিল, যাক ভগৱান বিষ্ণুৰ অস্ত্ৰ বুলি গণ্য কৰা হয়। পতাকাৰ দুয়োফালে বঙালী ভাষাত ‘বন্দে মাতৰম’ লিখা হৈছিল।

    স্বাধীনতাৰ পূৰ্বৰ প্ৰথম পতাকা উত্তোলন-

    ১৯০৬ চনৰ ৭ আগষ্টত ভাৰতৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় পতাকা প্ৰথমবাৰৰ বাবে উত্তোলন কৰা হয়। তেতিয়াৰ পাৰ্চী বাগান স্কোৱেৰ যি বৰ্তমানৰ কলিকতাৰ গিৰীশ পাৰ্কত শসীপ্ৰসাদ বসুৱে প্ৰথমবাৰৰ বাবে জাতীয় পতাকা উত্তোলন কৰিছিল।

    তাৰ পাছত ভিকাজী কামাই ১৯০৭ চনত বিদেশৰ মাটিত (পেৰিছ) দ্বিতীয়বাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল।

    তাৰ পাছতো কেইবাগৰাকী লোকে বহু কেইখন নক্সা প্ৰস্তুত কৰে দেশৰ পতাকা হিচাপে। কিন্তু অৱশেষত ১৯৪৭ চনতহে ভাৰতবৰ্ষই প্ৰথমখন আইন অনুসাৰে গৃহিত জাতীয় পতাকা লাভ কৰে।

    ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ কেইদিনমান পূৰ্বে, ১৯৪৭ চনৰ ২২ জুলাইত সংবিধান সভাই ত্ৰিৰংগাৰ বৰ্তমানৰ ৰূপ গ্ৰহণ কৰে।

    সেই সংবিধান সভাত আছিল ৰাজেন্দ্ৰ প্ৰসাদ, মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, কে এম মুন্সী আৰু বি আৰ আম্বেডকাৰ।

    সকলোৰে সৰ্বসন্মতি সাপেক্ষে জাতি-ধৰ্ম পৰিহাৰ কৰি কেৱল মানৱতাৰ ত্যাগ, সত্য, শান্তি, বিশ্বাস আৰু প্ৰগতিৰ প্ৰতীক হিচাপে ওপৰে গেৰুৱা, মাজত শুকুলা (বগা) আৰু তলত সেউজীয়া ৰঙৰ সমাহাৰেৰে তৈয়াৰ কৰা হয় ভাৰতবৰ্ষৰ জাতীয় পতাকা। সেই জাতীয় পতাকাৰ মাজত ৰখা হয় ধৰ্মচক্ৰ তথা অশোকচক্ৰ।

    স্বাধীনতাৰ পাছত প্ৰথম জাতীয় পতাকা উত্তোলন-

    ২২ জুলাইত চূড়ান্ত ৰূপ লোৱা অনুষ্ঠানিকভাৱে গৃহিত হোৱা ভাৰতীয় জাতীয় পতাকা যি বৰ্তমানেও প্ৰচলিত সেি পতাকা প্ৰথমবাৰৰ বাবে ১৯৪৭ চনৰ ১৫ আগষ্টত উত্তোলন কৰা হৈছিল।

    দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ইণ্ডিয়া গেটৰ সমীপত থকা প্ৰিন্সেছ পাৰ্কত স্বাধীন দেশৰ প্ৰথমখন পতাকা উত্তোলন কৰিছিল।

    Read More- জানেনে এতিয়া আমি ব্যৱহাৰ কৰা জাতীয় পতাকা ১৯৪৭ৰ ২২ জুলাইত হে চূড়ান্ত কৰা হৈছিল, তাৰ পূৰ্বে আছিল কেইবাবিধৰো ভিন্ন ভিন্ন নক্সাৰ পতাকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং