26 C
Guwahati
Thursday, September 16, 2021
More

    বিষ্ণু প্ৰসাদ ৰাভাক কোনে আৰু কিয় প্ৰদান কৰিছিল ‘কলাগুৰু’ উপাধি

    বিষ্ণু প্ৰসাদ ৰাভাক কোনে আৰু কিয় প্ৰদান কৰিছিল ‘কলাগুৰু’ উপাধি – আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ সংখ্যক স্মৃতি দিৱস। নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰুগৰাকীক আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে।

    ৰাজ্যৰ উন্নতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম। অসমবাসীয়ে প্ৰতি বছৰে ২০ জুনত ৰাভা দিৱস পালন কৰি আহিছে।

    বিষ্ণু প্ৰসাদ ৰাভাৰ মহান কৰ্মৰাজীয়ে সংস্কৃতিৰ লগতে ৰাজ্যখনৰ সাহিত্যৰ ওপৰত এক উল্লেখযোগ্য প্ৰভাৱ পেলাইছে।

    বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ সংগীত ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছে আৰু সেয়ে তেওঁক এই ক্ষেত্ৰৰ এগৰাকী মহীৰূষ বুলি গণ্য কৰা হয়।

    তেওঁ কলাগুৰু হিচাপে জনপ্ৰিয়। তেওঁৰ প্ৰতিভা কেৱল সংগীততে সীমাবদ্ধ নাছিল, তেওঁ আছিল এজন বহু-প্ৰতিভাশালী ব্যক্তিত্বৰ অধিকাৰী। সেয়ে তেওঁক একেৰাহে এজন নাট্যকাৰ, কবি, নৃত্যশিল্পী আৰু অভিনেতা হিচাপে জনা যায়।

    ইমানবোৰ বহুমুখী প্ৰতিভাৰ অধিকাৰী বিষ্ণু প্ৰসাদ ৰাভাক কিমান চনত, কোনে আৰু কিয় কলাগুৰু উপাধি প্ৰদান কৰিছিল সেই বিষয়ে হয়টো বহু লোক অজ্ঞাত।

    আজি এই লিখনিৰ দ্বাৰা পঢ়ুৱৈ সমাজক জনাম যে বিষ্ণু প্ৰসাদ ৰাভাই কিমান চনত কলাগুৰু উপাধি লাভ কৰিছিল।

    ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ প্ৰতি সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰে।

    ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে বাৰানসীত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি ৰাভাই এই বিশেষ খ্যাতি অৰ্জন কৰিছিল।   

    উল্লেখ্য যে সাহিত্য, সংগীত আদি ক্ষেত্ৰৰ উপৰি তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দিয়াৰ লগতে মজুৰি দাসত্ব আৰু পুঁজিবাদৰ বিৰুদ্ধেও সম্পূৰ্ণ বিদ্ৰোহ কৰিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন সক্ৰিয় সদস্য আছিল।

    ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্রেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত জন্মগ্ৰহণ কৰা বিষ্ণু প্ৰসাদ ৰাভাৰ ১৯৬৯ চনৰ ২০ জুনত তেজপুৰত মৃত্যু হয়।

    আৰু পঢ়ক : ভাল ফলৰ আশা কৰিছিল, পৰীক্ষা বাতিলৰ খবৰত নিৰাশ হৈ নিজকে শেষ কৰি দিলে ৰাণীয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং