29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিগত বৰ্ষতকৈ চলিত বৰ্ষৰ কৰ’ণা মহামাৰী অত্যন্ত ভয়ংকৰ: বিশ্ব স্বাস্থ্য সংস্থা

    বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক বাণী দিছে যে বিগত বৰ্ষতকৈ চলিত বৰ্ষৰ কৰ’ণা মহামাৰীয়ে যথেষ্ট ভয়ংকৰ ৰূপ ল’ব। বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক এডানোম গেড্ৰাবোছে কয় যে কৰা’ণাত আক্ৰান্ত হৈ বিগত বৰ্ষতকৈ চলিত বৰ্ষত অধিক লোকৰ মৃত্যু হৈছে।

    লগতে তেওঁ কয় যে কৰ’ণাত আক্ৰান্ত হৈ ৩৩ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে।‌‌ মহামাৰীৰ ফলত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পাইছে।

    কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ বহুতে অলিম্পিক খেল বাতিল কৰাৰ দাবী উত্থাপন কৰি আহিছে। উল্লেখ্য যে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বৃদ্ধি পাইছে কৰণা আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে কৰ’ণাৰ ভেকচিন আৰম্ভ হৈছে যদিও এতিয়ালৈকে বহু লোকে পোৱা নাই ভেকচিন ্্।

    আৰু পঢ়ক : কৰ’ণাত আক্ৰান্ত হৈ মুকালমুৱাত অধিবক্তাৰ‌ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং