16 C
Guwahati
Friday, December 3, 2021
More

    ক’ভিড ভেকচিনক লৈ কি গুৰুত্বপূৰ্ণ মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ?

    ক’ভিড ভেকচিনক লৈ কি গুৰুত্বপূৰ্ণ মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ?

    সমগ্ৰ বিশ্বত ক’ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে ক’ভিড ভেকচিনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধান’ম গেব্ৰেয়াছে।

    গেব্ৰেয়াছে ক’ভিড ভেকচিন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে মানুহে ক’ভিড ভেকচিনে এই মহামাৰী সমাপ্ত কৰিব বুলি এক ভ্ৰান্ত ধাৰণাত আছে। ভেকচিনে মৃত্যু হোৱাৰ পৰাহে বচাব পাৰে ক’ভিডৰ সংক্ৰমণ সম্পুৰ্ণৰূপে শেষ কৰিব নোৱাৰে।

    বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে ইয়াৰ লগতে কয় যে, ডেল্টা ভেৰিয়েণ্ট অহাৰ পূৰ্বে ভেকচিনে ক’ৰ’না ভাইৰাছৰ বিপক্ষে ৬০ শতাংশ কাৰ্য্যকাৰীতা দেখুৱাইছিল কিন্তু ডেল্টা ভেৰিয়েণ্ট অহাৰ পাছত এই কাৰ্য্যকাৰীতা ৪০ শতাংশলৈ হ্ৰাস পায়।

    গেব্ৰেয়াছে জনসাধাৰণক ক’ভিড ভেকচিন গ্ৰহণ কৰিলেও ক’ভিড মহামাৰীক প্ৰতিৰোধ কৰাৰ বাবে সম্পুৰ্ণৰূপে ক’ভিড প্ৰট’কল সমূহ পালন কৰি যাবলৈ আহ্বান জনায়।

    আৰু পঢ়ক : নলবাৰীত ক’ভিডে স্বামীহাৰা কৰা ১৮ গৰাকী মহিলাক আঢ়ৈ লাখ টকাৰ চেক প্ৰদান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং