তামিলনাডুৰ পূৰ্বেও বিগত ৫ বছৰত ক’ত ক’ত দুৰ্ঘটনাৰ সন্মুখিন হৈছিল MI-17v5 হেলিকপ্তাৰ?

0
700
তামিলনাডুৰ পূৰ্বেও বিগত ৫ বছৰত ক’ত ক’ত দুৰ্ঘটনাৰ সন্মুখিন হৈছিল MI-17v5

তামিলনাডুৰ পূৰ্বেও বিগত ৫ বছৰত ক’ত ক’ত দুৰ্ঘটনাৰ সন্মুখিন হৈছিল MI-17v5 হেলিকপ্তাৰ?

ভাৰতৰ প্ৰথম চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ লগতে মুঠ ১৩ গৰাকী লোকে আজি তামিলনাডুত সংঘটিত হোৱা এক শোকাৱহ হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়।

জেনেৰেল বিপিন ৰাৱাটে আজি ভাৰতীয় বায়ু সেনা বাহিনীৰ MI-17v5 হেলিকপ্তাৰত যাত্ৰা কৰি আছিল।

ভাৰতে ৰাছিয়াৰ পৰা এই অত্যাধুনিক হেলিকপ্তাৰখন ক্ৰয় কৰিছিল।

উল্লেখযোগ্য যে, আজি ভয়াবহ দুৰ্ঘটনাত পতিত হোৱা MI-17v5 হেলিকপ্তাৰ ইয়াৰ পূৰ্বেও বহুবাৰ দুৰ্ঘটনাৰ সন্মুখিন হৈছিল।

বিগত পাঁচ বছৰত এই হেলিকপ্তাৰখন ছয়বাৰ দুৰ্ঘটনাৰ সন্মুখিন হ’বলগীয়া হৈছে। ২০১২ চনত ভাৰতে নিজৰ সেনা বাহিনীত এই হেলিকপ্তাৰখন অন্তৰ্ভূক্ত কৰিছিল।

ইয়াৰ পূৰ্বে ক’ত ক’ত দুৰ্ঘটনাৰ সন্মুখিন হৈছিল MI-17v5 হেলিকপ্তাৰ-

অৰুণাচল প্ৰদেশ, ১৮ নৱেম্বৰ ২০২১: অৰুণাচল প্ৰদেশত ২০২১ চনৰ নৱেম্বৰ মাহত ভাৰতীয় বায়ু সেনা বাহিনীৰ এখন MI-17v5 হেলিকপ্তাৰ দুৰ্ঘটনাৰ সন্মুখিন হৈছিল যদিও ইয়াৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাছিল।

কেদাৰনাথ ধাম, ২৩ ছেপ্তেম্বৰ ২০১৯ :  কেদাৰনাথৰ ধামৰ পৰা উৰা মৰা এখন  MI-17v5 হেলিকপ্তাৰো ২০১৯ চনৰ ২৩ ছেপ্তেম্বৰত দুৰ্ঘটনাৰ সন্মুখিন হয় কিন্তু এইবাৰো হেলিকপ্তাৰখনৰ পাইলটকে ধৰি সকলো যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে।

জম্মু-কাশ্মীৰ, ২৭ ফেব্ৰুৱাৰি, ২০১৯ : জম্মু-কাশ্মীৰৰ বদগাম জিলাত ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰিৰ পুৱা এখন MI-17v5 হেলিকপ্তাৰ দুৰ্ঘটনাৰ সন্মুখিন হয়। এই দুৰ্ঘটনাটোত ভাৰতীয় বায়ু সেনা বাহিনীৰ ছয়গৰাকী লোককে ধৰি মুঠ সাতজন লোকৰ মৃত্যু হৈছিল।

কেদাৰনাথ ধাম, ৩ এপ্ৰিল, ২০১৮ : কেদাৰনাথ ধামৰ পৰা উৰা মৰা আন এখন MI-17v5 হেলিকপ্তাৰ ধাম ২০১৮ চনৰ ৩ এপ্ৰিলত দুৰ্ঘটনাগ্ৰস্ত হয়। সামগ্ৰী কঢ়িয়াই থকা এই হেলিকপ্তাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত অৱশ্যে কোনো লোকৰ মৃত্যু হোৱা নাছিল।

অৰুণাচল প্ৰদেশ, ৬ মে’ ২০১৭ : অৰুণাচল প্ৰদেশত ২০১৭ চনৰ ৬ মে’ত এখন MI-17v5 হেলিকপ্তাৰ শোকাৱহ দুৰ্ঘটনাৰ সন্মুখিন হয়। এই দুৰ্ঘটনাত পাঁচজন সেনা জোৱানকে ধৰি অন্য দুজন লোকৰো মৃত্যু হয়।

ৰাছিয়াৰ পৰা ক্ৰয় কৰা অত্যাধুনিক MI-17v5 হেলিকপ্তাৰখন ইমান কম সময়ৰ ব্যাৱধানত সঘনে দুৰ্ঘটনাগ্ৰস্ত হোৱাটোৱে এতিয়া সকলোৰে মনত ৰাছিয়াৰ হেলিকপ্তাৰ প্ৰযুক্তিৰ ওপৰত প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

আৰু পঢ়ক : এদিনীয়াৰো অধিনায়কত্ব হেৰুৱালে বিৰাট কোহলীয়ে, এইজন ক্ৰিকেটাৰ হ’ল নতুন অধিনায়ক