আপোনিও Appleৰ iphone ব্য়ৱহাৰ কৰে নেকি?তেনেহলে বন্ধ হৈ পৰিব আপোনাৰ হোৱাটচ আপ…

0
156

আপোনিও Appleৰ আইফোন ব্য়ৱহাৰ কৰে নেকি?তেনেহলে বন্ধ হৈ পৰিব আপোনাৰ হোৱাটচ আপ…

অতি জনপ্ৰিয় মেছেজৰ প্লেটফৰ্ম হোৱাটচ আপ বহুটো স্মাৰ্টফোনৰ বাবে বন্ধ হৈ পৰিব। ২৪ অক্টোবৰৰ পৰা আপোনাৰ আইফোনত বন্ধ হৈ পৰিব হোৱাটচ আপ

জানিব পৰা মতে এপ’লৰ আইফোন ব্য়ৱহাৰ কৰা ব্য়ক্তি সকলক হোৱাটচ আপ বন্ধ হোৱাৰ সংকেত ইতিমধ্য়ে প্ৰেৰণ কৰিছে। এপ’লৰ কিছুমান মডেলত হে বন্ধ হ’ব হোৱাটচ আপ।

এই হোৱাটচ আপ সেইবোৰ মডেলত হে বন্ধ হ’ব যিবোৰৰ ছফ্টৱেৰ iOS 10অথবা iOS 11ত কাম কৰি আছে।

অৱশ্য়ে ইয়াক লৈ কোম্পানীয়ে নিশ্চিত কৰা নাই। ইতিমধ্য়ে হোৱাটচ আপৰ ৱেবচাইট WABetaInfo ই ৰিৰ্পট কৰিছে।

আপোনিও যদি এতিয়ালৈকে আপোনাৰ আইফোনটোত পুৰণা ছফ্টৱেৰে কাম কৰি আছে তেনেহলে অতি শীঘ্ৰে আপডেট কৰক। নহলে আপোনাৰ ফোনৰ পৰাও নোহোৱা হ’ব হোৱাটচ আপ।

এই ব্য়ৱস্থাটোত কেৱল মাত্ৰ দুটা আইফোনৰ মডেল হে প্ৰভাৱিত হ’ব। সেই মডেল দুটা হৈছে iphone5 আৰু iphone 5c ।
অৰ্থাৎ ২৪ অক্টোবৰৰ পৰা এই মডেলৰ আইফোন সমূহত বন্ধ হ’ব হোৱাটচ আপ।