হোৱাটছ এপে পুনৰ আনিব নতুন প্ৰাইভেচী পলিচী, এইবাৰ থাকিব এনে ধৰণৰ কিছু বিশেষত্ব

0
127
হোৱাটছ এপে পুনৰ আনিব নতুন প্ৰাইভেচী পলিচী, এইবাৰ থাকিব এনে ধৰণৰ কিছু বিশেষত্ব

হোৱাটছ এপে পুনৰ আনি আছে এক প্ৰাইভেচী পলিচী। কিছুদিন পূৰ্বে অনা নতুন প্ৰাইভেচী পলিচীৰ ওপৰত বহুতেই প্ৰশ্ন কৰিছিল। আনকি ভাৰতৰ উচ্চতন ন্যায়ালয়েও জাননি প্ৰেৰণ কৰিছিল সেই সন্দৰ্ভত।

পিছে তাৰ পিছতে এতিয়া পুনৰ হোৱাটছ এপে আনি আছে এক নতুন প্ৰাইভেচী পলিচী। ব্যৱহাৰকাৰীৰ সকলো সুৰক্ষা আৰু নীতি সমূহ আগত ৰাখিয়ে এইবাৰৰ নতুন পলিচী অনাৰ কথা কয় হোৱাটছ এপ কৰ্তৃপক্ষই।

পিছে জানিবলৈ দিয়া অনুসৰি অনতি পলমেই এই নতুন পলিচী সন্দৰ্ভত ব্যৱহাৰকাৰীলৈ বাৰ্তা প্ৰেৰণ কৰিব। আৰু সেই বাৰ্তা স্বীকাৰ কৰাৰ পিছতহে আকৌ হোৱাটছএপৰ ব্যৱহাৰ কৰিব পৰা যাব।

অৱশ্যে বৰ্তমানে এই নতুন পলিচীৰ কোনো বিকল্প নাথাকিলেও ইয়াৰ কিছুসপ্তাহ পিছতে ইয়াক অগ্ৰাহ্য কৰাৰ বাবে অন্য বাৰ্তাও লাভ কৰিব ব্যৱহাৰকাৰীয়ে। এই নতুন পলিচী স্বীকাৰ কৰাতো বাধ্যতামূলক হলেও ব্যৱহাৰকাৰীৰ সকলো কথা বাৰ্তা সুৰক্ষিত হৈ থাকিব।

আৰু পঢ়ক : চিআৰপিএফ জোৱানৰ গুণ্ডাগিৰিঃ স্থানীয় লোকক মাৰপিট, মহিলাৰ লগত দুৰ্ব্যৱহাৰ, কেম্প ঘেৰাও কৰিলে মহিলাই