
কৰ’ণা ভাইৰাছ সন্দৰ্ভত হোৱাটছ্এপ আৰু ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱাক লৈ WhatsAppয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। WhatsAppয়ে মেছেজ ফৰৱাৰ্ডিং সীমিত কৰি দিছে। হোৱাটছ্এপ ব্যৱহাৰকাৰীয়ে এতিয়াৰে পৰা যিকোনো মেছেজ এবাৰত এজনকহে ফৰৱাৰ্ড কৰিব পাৰিব। ইয়াৰ পূৰ্বে যিকোনো মেছেজ এবাৰত ৫জন লোকক ফৰৱাৰ্ড কৰাৰ সুবিধা আছিল।
দৰাচলতে কৰ’ণা ভাইৰাছক লৈ ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভুৱা বাৰ্তা শ্বেয়াৰ হৈ আছে আৰু এই শ্বেয়াৰ কৰা মেছেজসমূহ টুইটাৰ, গুগল আৰু ফেচবুকৰ দৰে কোম্পানীসমূহৰ বাবে প্ৰত্যাহ্বান। ইয়াৰ বাবে WhatsAppয়ে মেছেজ ফৰৱাৰ্ডিঙৰ নতুন সীমা নিৰ্ধাৰণ কৰে, এই অনুসৰি আপুনি যিকোনো মেছেজ এবাৰত এজন লোককহে ফৰৱাৰ্ড কৰিব পাৰিব।
ইয়াৰ পূৰ্বে ফেচবুকেও নিজৰ প্লেটফৰ্মত ভুৱা খবৰ নিষিদ্ধি কৰিবলৈ এইধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইফালে গুগলেও ভুৱা খবৰসমূহ ফ্লেগ কৰি আছে। ইয়াৰোপৰি মাইক্ৰ’ ব্লগিং টুইটাৰেও ভুৱা খবৰ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।
WhatsAppৰ এই সিদ্ধান্ত যথেষ্ট প্ৰশংসনীয়। কোম্পানীটোৰ এই সিদ্ধান্ত যথেষ্ট গ্ৰহণযোগ্য। ইয়াৰ জৰিয়তে ভুৱা খবৰসমূহ ৰোধ কৰিব পাৰিব। সমগ্ৰ বিশ্বত হোৱাটছ্এপৰ ২ বিলিয়নতকৈ অধিক এক্টিভ ইউজাৰ্ছ আছে, আনহাতে ভাৰতত ৪০ কোটিতকৈ অধিক লোকে WhatsApp ব্যৱহাৰ কৰে।
Photo credit: bbc.com