WhatsApp ত মেছজ পঢ়িব অথবা প্ৰেৰণ কৰিব নোৱাৰিব! যদি নকৰে এই কাম…

0
234
WhatsApp ত মেছজ পঢ়িব অথবা প্ৰেৰণ কৰিব নোৱাৰিব! যদি নকৰে এই কাম...
Credit: Financial express

WhatsApp ত মেছজ পঢ়িব অথবা প্ৰেৰণ কৰিব নোৱাৰিব! যদি নকৰে এই কাম…

বৰ্তমান সময়ত হোৱাটছএপ এটি জনপ্ৰিয় মাধ্যম । প্ৰায় সকলোৱে ব্যৱহাৰ কৰে হোৱাটছ এপ। ইয়ৰ মাজতে হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ। অতি শীঘ্ৰেই বন্ধ হ’ব পাৰে হোৱাটছ এপ।

অৱশ্যে হোৱাটছ এপৰ নতুন প্ৰাইভেচী আপটেড গ্ৰহণ নকৰিলে বন্ধ ব্যৱহাৰ কৰিব পাৰিব এই সেৱা। উল্লেখ্য যে ১৫ মেৰ পূৰ্বে নতুন প্ৰাইভেছী আপডেট গ্ৰহণ নকৰিলে এই এপ আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব।

জানুৱাৰী মাহতে হোৱাটছএপে জনাইছিল যে ৮ ফেব্ৰুৱাৰীৰ পূৰ্বে হোৱাটছ এপ ব্যৱহাৰকাৰী সকলে নতুন প্ৰাইভেছী আপডেট গ্ৰহণ নকৰিলে বিকল হৈ পৰিব এই এপ। যি সকল ব্যৱহাৰকাৰীয়ে এই পলিচি গ্ৰহণ নকৰে তেওঁলোকে কিছুদিনৰ বাবে কল নটিফিকেচন পাই থাকিব কিন্তু মেছজ পঢ়িব অথবা প্ৰেৰণ কৰিব নোৱাৰিব।

গতিকে এতিয়ালৈকে যদি আপুনি এই পলিচি গ্ৰহণ কৰা নাই , তেন্তে হোৱাটছ এপৰ লাভ উঠাবলৈ অতি শীঘ্ৰেই গ্ৰহণ কৰক এই পলিচি।

আৰু পঢ়ক : ভাৰতলৈ অনা হ’ব পলৰীয়া হীৰা ব্যৱসায়ী নীৰৱ মোদী, লণ্ডন ন্যায়ালয়ে দিলে মঞ্জুৰী