হোৱাটছ এপৰ নতুন গোপনীয়তা নীতিঃ ব্যক্তিগত মেছেজ হোৱাটছ এপত সুৰক্ষিত হৈ থাকিব, স্পষ্ট কৰিলে জুকাৰবাৰ্গ সংস্থাই

0
1083
WhatsApp ত মেছজ পঢ়িব অথবা প্ৰেৰণ কৰিব নোৱাৰিব! যদি নকৰে এই কাম...
Credit: Financial express

নতুন গোপনীয়তা নীতি লৈ বিপাঙত পৰিছে হোৱাটছ এপৰ বহুতেই এপটো এৰি এতিয়া টেলিগ্রাম, চিগনেলক আকোৱালি লৈছে। তাৰপাছতেই ততাতৈয়াকৈ এই কথা স্পষ্ট কৰিছে মার্ক জুকাৰবার্গৰ সংস্থাই।

হোৱাটছএপে নতুন নীতি সম্পৰ্কে এক স্পষ্টীকৰণ প্ৰকাশ কৰিছে, য’ত কোৱা হোৱাটছ এপৰ ব্যক্তিগত সংবেদনশীল বাৰ্তাত যিকোনো পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত নহ’ব। টুইটাৰত শ্বেয়াৰ কৰা দুটাকৈ পোষ্টত ফেচবুকৰ মালিকানাধীন মঞ্চই কয় যে গোপনীয়তা নীতি আপডেটে তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ সৈতে ব্যৱহাৰকাৰীসকলৰ চেটৰ গোপনীয়তা কোনো প্ৰকাৰে প্ৰভাৱিত নকৰিব, কিয়নো চেটত প্ৰেৰণ কৰা বাৰ্তাবোৰ এণ্ড টু-এণ্ড এনক্ৰিপশ্বনৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব।

হোৱাটছএপে কৈছে যে ব্যৱহাৰকাৰীসকলে ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নিবিচৰা লিংকবোৰ প্ৰচাৰ নকৰাই ভাল। হোৱাটছএপে লগতে কয় যে তেওঁলোকে কেৱল বিজনেছ একাউণ্টৰ সৈতে সম্পৰ্কটো ফেচবুকৰ সৈতে শ্বেয়াৰ কৰে।

আৰু পঢ়ক : ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা বুলি মন্তব্য দিয়াৰ পিছতে জে পি নড্ডাৰ পুত্তলিকা দাহ