31 C
Guwahati
Tuesday, September 27, 2022
More

    দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈ কি আছে ভাগ্যত, চাওক ১১ আগষ্টৰ ৰাশিফল

    দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈ কি আছে ভাগ্যত, চাওক ১১ আগষ্টৰ ৰাশিফল

    মেষ -স্বাস্থ্যৰ ক্ষেত্ৰত হেলা কৰিলে বিপদৰ সন্মুখীন হ’ব পাৰে।ব্যৱসায়ত মধ্যমীয়া। টকা ধাৰলৈ দিয়া-লোৱাৰ পৰা বিৰত থাকক।শুভ সংখ্যা ৫, শুভ ৰং বেঙুনীয়া।

    বৃষ -কথা বতৰাত মধুৰতাৰ বাবে কৰ্মত পদোন্নতিৰ যোগ। আয় বৃদ্ধি সমান্তৰালকৈ খৰছো বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত বাধা।শুভ সংখ্যা ৪, শুভ ৰং সেউজীয়া।

    মিথুন -সংযমত ৰাখক, অযথা যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব। অৰ্থৰ আগমন। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। মন অশান্ত হৈ থাকিব। শুভ সংখ্যা ৯, শুভ ৰং হালধীয়া।

    কৰ্কট – আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত উন্নতি৷ কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ। শুভ সংখ্যা ১, শুভ ৰং আকাশী।

    সিংহ – এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ কৰ্মবোৰ জটিলতা মাজেৰে সমাধানৰ যোগ দেখা যায়। প্ৰেমত শুভ । শুভ সংখ্যা ৪, শুভ ৰং মেৰুণ।

    কন্যা- আজিৰ দিনটোত কৰ্মত সফল৷ ভ্ৰমণৰ সুযোগ লাভ ৷ সজাগ নহ’লে কৰ্মক্ষত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধিৰ যোগ। শুভ সংখ্যা ৮, শুভ ৰং নীলা।

    তুলা-আত্মবিশ্বাসেৰে ভৰা হব আজিৰ দিনটো । পাৰিবাৰিক দিশত সুখ। ব্যৱসায়ত মধ্যম। ভাল খবৰ লাভ কৰিব পাৰে ।শুভ সংখ্যা ৯, শুভ ৰং মাখন ।

    বৃশ্চিক-মন প্ৰসন্ন থাকিব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা। কৰ্মৰ উদ্দেশ্যে পৰিয়ালৰ পৰা আঁতৰত থাকিবলৈ যাব লাগিব পাৰে।শুভ সংখ্যা ৬, শুভ ৰং গোলপীয়া।

    ধনু – আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ ঘৰত সামান্য মনোমালিন্যৰ যোগ দেখা যায় ।শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

    মকৰ-দিনটো ভাল আৰু অপেক্ষা কৰি থকা বাতৰিৰ দ্বাৰা ই আৰু উজ্জ্বল হোৱাৰ সম্ভাৱনা আছে। কোনো নতুন প্ৰতিশ্ৰুতি নিদিয়াটো উচিত। প্ৰেমত আমনি পাব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

    কুম্ভ-সফলতাৰ বাবে অকণমান চেষ্টা। পৰিয়ালৰ কোনো সিদ্ধান্তই কিছু প্ৰতিৰোধ অনুভৱ কৰাব পাৰে। সৰু ভ্ৰমণ হ’ব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং সুমথিৰা।

    মীন- নিজৰ সিদ্ধান্তত অটল থাকিব। জ্যেষ্ঠজনৰ পৰা সহায় পাব।জ্যেষ্ঠজনৰ পৰা সহায় পাব। শুভ সংখ্যা ২, শুভ ৰং সেউজীয়া।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং