29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পৱিত্ৰ ৰমজান মাহতে ইজৰাইল আৰু পেলেষ্টাইন মাজত সংঘৰ্ষ! বহু লোকৰ মৃত্যু

    বিভিন্ন সময়ৰ দৰে এইবাৰো ইজৰাইল আৰু পেলেষ্টানীৰ মাজত সংঘৰ্ষ সৃষ্টি হৈছে। ৰমজানৰ মাহত ইজৰাইল আৰু পেলেষ্টানীৰ মাজত সংঘৰ্ষ হোৱা দেখা যায়।

    উল্লেখ্য যে কিছুদিনৰ পৰা পেলেষ্টানী প্ৰদৰ্শনকাৰী আৰু ইজৰাইল আৰক্ষীৰ মাজত সংঘৰ্ষ হৈ আছে। য়েৰুছলাম চহৰৰ এটা অঞ্চলত এই সংঘৰ্ষ হৈ আছে, যি ইহুদী, মুছলিম, আৰু ইসাই সকলৰ পৱিত্ৰ স্থান হিচাপে পৰিচিত। এইবাৰৰ সংঘৰ্ষ ৰমজান মাহৰ আৰাম্ভণীত হৈছিল যেতিয়া পেলেষ্টানী সকলে নিজৰ অধিকাৰক লৈ প্ৰতিবাদ আৰম্ভ কৰিছিল। এই প্ৰতিবাদৰ বিৰোধিতা কৰিয়েই ইজৰাইল আৰক্ষীয়ে প্ৰতিবাদ কাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

    ইজৰাইলৰ মতে পেলেষ্টানীৰ ফালৰ পৰা সন্ত্ৰাসবাদী সংগঠন হমাছে য়েৰুচালম আৰু ইজৰাইলৰ চহৰত ৰকেট নিক্ষেপ কৰিছে। ইয়াৰ বাবে তদন্ত কৰিছে যদিও এতিয়ালৈকে এই সংঘৰ্ষত বহু লোকৰ মৃত্যু হয় লগতে সংঘৰ্ষ এতিয়াও শাম কটা নাই।

    উল্লেখ্য যে, ইজৰাইল আৰু পেলেষ্টানীক লৈ এক ভ্ৰান্তি আছে যে দুয়োখন দেশৰ মাজত সংঘৰ্ষ মূলত ধাৰ্মিক কাৰণত হয় আৰু হাজাৰ হাজাৰ বছৰ ধৰি এয়া চলি আছে। কিন্তু দুয়োখন‌ দেশৰ ইতিহাসৰ বিষয়ে অধ্যয়ন কৰিলে এনে কোনো কথা দেখা নাযায়। ইয়াৰ পৰা জনা যায় যে এই সংঘৰ্ষ ভূমি আৰু নিজৰ অস্তিত্বক লৈ হয় যাক ধাৰ্মিক ৰূপ দিয়া হয়।

    আৰু পঢ়ক : অসমৰ চিকিৎসকৰ সফলতা, ৰাজ্যত প্ৰথমবাৰৰ বাবে কভিড আক্ৰান্ত গৰ্ভৱতী মহিলাৰ সফলতাৰে অস্ত্ৰোপচাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং