26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিধানসভাত হাত কাটি প্ৰতিবাদ কৰা ৰূপজ্যোতি কুৰ্মীৰ স্থিতি কি হ’ব বিজেপিত?

    বিধানসভাত হাত কাটি প্ৰতিবাদ কৰা ৰূপজ্যোতি কুৰ্মীৰ স্থিতি কি হ’ব বিজেপিত?

    অসমৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তন ঘটাই কংগ্ৰেছ দলৰ বিধায়ক পদ ত্যাগ কৰিলে মৰিয়নিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

    জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত কুৰ্মীয়ে আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

    কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে দলটোৰ কেতবোৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি পদত্যাগ কৰা কুৰ্মীয়ে এতিয়া অহা সোমবাৰে বিজেপি দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

    এতিয়া সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনে তেওঁৰ ভৱিষ্যত ৰাজনৈতিক কেৰিয়াৰত কি প্ৰভাৱ পেলাব।

    কিয়নো কংগ্ৰেছ দলত থকাৰ সময়ত বিজেপি দলক কটু সমালোচনা কৰি তেওঁ প্ৰায়েই সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি আছিল।

    বিগত বিধানসভাৰ কাৰ্যকালত বিজেপি দলে অসমৰ ৰাইজৰ ব্যাপক প্ৰতিবাদৰ পিছতো নাগৰিকত্ব সংশোধনী আইন বলবত কৰিছিল। এই বিষয়টোক লৈ কংগ্ৰেছ দলৰ লগতে ব্যক্তিগতভাৱে কুৰ্মীয়ে বিভিন্ন ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

    কুৰ্মীয়ে এবাৰ বিধাসভাৰ অধিৱেশনত সম্পূৰ্ণ ক’লা কাপোৰ পৰিধান কৰি এই আইনখনৰ বিৰোধিতা কৰা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

    কেৱল এয়াই নহয় তেওঁ এবাৰ বিধানসভাৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত বিজেপি চৰকাৰখনে কাগজ কল, চাহ বাগিচা আৰু এটা সাৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডক গতাই দিবলৈ ওলোৱা সিদ্ধান্তৰ বিৰোধিতাত হাত কাটিও প্ৰতিবাদত বহা পৰিলক্ষিত হৈছিল।

    ইয়াৰ উপৰি তেওঁ বিতৰ্কিত কৃষি আইন তিনিখন, অসম-নাগালেণ্ড সীমা সমস্যা সমাধানৰ দাবীত বিজেপি চৰকাৰক বিভিন্ন ধৰণে সমালোচনাও কৰিছিল।

    সবাটোকৈ লক্ষ্যণীয় বিষয়টো হ’ল যেতিয়া ৰূপজ্যোতি কুৰ্মীৰ কেইবাজনো কংগ্ৰেছ সতীৰ্থই দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল তেতিয়াও তেওঁ বিজেপি আৰু একালৰ সতীৰ্থসকলক চোকা ভাষাৰে সমালোচনা কৰিছিল।

    কা, কৃষি আইন, কাগজ কল ব্যক্তিগত কৰণৰ পক্ষত থকা এটা দলত কিয় যোগদান কৰিবলৈ ওলাইছে সেয়া এক ৰহস্যৰ বিষয় বা চৰ্চাৰ বিষয়। অসম বিৰোধী সিদ্ধান্তত সদা সৰৱ হৈ থকা এজন ৰাজনৈতিক নেতাই ক্ষমতাৰ খকতেই দল বাগৰিব ওলাইছে নেকি? এয়াও এতিয়া সাধাৰণ ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন।  

    অৱশ্যে ৰাজনীতিত কোনো বস্তুৱে স্থায়ী নহয় বা অসম্ভৱ বুলি একো বস্তুৱে নাই যদিও এটা ৰাতিত আদৰ্শৰ চোলা সলাই এনেদৰে অন্য দলত যোগদান কৰা বিষয়টোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চিত হৈ আছে।

    আৰু পঢ়ক : বাবা কা ধাবাৰ কান্তা প্ৰসাদ বাবাৰ আত্মহত্যাৰ চেষ্টা…..হাস্পতালত ভৰ্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং