
কেনে আছিল সেই প্ৰেম! ৮ বছৰ ধৰি ডেটিং কৰা প্ৰাক্তন অভিনেত্ৰী আৰু বৰ্তমানৰ সমাজকৰ্মী ছমীৰ মতে, চলমানৰ স’তে তেওঁৰ সম্পৰ্ক সুখজনক নাছিল নেকি…
তেওঁ ছলমানৰ ওপৰত অভিযোগ উত্থাপন কৰি আহিছে৷ ছলমানৰ স’তে সম্পৰ্কত থাকোতে ছমীয়ে বুজি পাইছিল ঘৰুৱা হিংসা কি! প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে সামাজিক মাধ্যমত শেহতীয়াকৈ কেইবাটাও পোষ্ট পোষ্ট কৰি আহিছে।
কিন্তু পিছত তেওঁ সেইবোৰ ডিলিট কৰে। ছলমানৰ স’তে সম্পৰ্কৰ সময়খিনিৰ বিষয়ে প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে এইদৰে অনুভৱ ব্যক্ত কৰে- “ভয়াৱহ আঠটা বছৰ! ছলমানৰ সৈতে অতিবাহিত কৰা সময়খিনি মোৰ জীৱনৰ পৰা আঁতৰাব বিচাৰো। “
ছলমানে দিনে দিনে ৰাতিয়ে তাইক কেনেদৰে হাৰাশাস্তি কৰিছিল সেই কথাও ছমীয়ে কৈছিল। তেওঁৰ মতে ছলমান এগৰাকী নাৰীবিদ্বেষী। তেওঁ কয়, “প্ৰতি মুহূৰ্ততে মোক তুচ্ছজ্ঞান কৰা হৈছিল।”
‘‘ছলমানে মোক অহৰ্নিশে কৈছিল যে মই কিমান কুৎসিত, মূৰ্খ আৰু মূল্যহীন। তাৰ লগতে ইজনী পিছত সিজনী যুৱতীৰ প্ৰেমত পৰা আৰম্ভ কৰে ছলমানে।আঠটা বছৰ হ’ল সেইবোৰৰ মাজেৰে পাৰ হৈ আহিছিলো।”- ছমীয়ে কৈছিল৷
কেৱল সেয়াই নহয়, ছলমানে আগতে বন্ধু-বান্ধৱীৰ সন্মুখতো তোওঁক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰে ছমীয়ে। কোনোদিনে ছলমানে ছমীক প্ৰেমিকা হিচাপে স্বীকৃতি নিদিলে।
সেইবাবেই সম্পৰ্কৰ পৰা ওলাই আহিল তেওঁ। ছমীয়ে বিচাৰি আছিল এজন সদয় হৃদয়ৰ মানুহ৷ উল্লেখ্য যে ছমীৰ পিছত আন বহু অভিনেত্ৰীৰ সৈতে জড়িত হৈ পৰে ছলমান।
এই তালিকাত আছে মডেল ষ্টাৰ সংগীতা বিজলানী, অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কেটৰিনা কাইফ। শেহতীয়াকৈ শ্বেহনাজ গিলৰো লগত জড়িত হৈ পৰিছে ছলমান। ছলমানৰ বাবেই বলীউডত শ্বেহনাজে অভিষেক ঘটায়। বৰ্তমান মডেল ষ্টাৰ লুলিয়া ভান্টুৰৰ সৈতে ছলমানৰ সম্পৰ্কক লৈ গুজৱ চলি আছে৷