
অসম বাজেট ২০২২-২৩; কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ বাজেটত কি কি বিশেষ ঘোষণা?
বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰি ৰাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ কেতবোৰ ঘোষণা আগবঢ়ায়।
বিত্ত মন্ত্ৰী অজন্তা নেওগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যৰে গোলাঘাট, নগাঁও, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত ২৪১ টা চোৰা্ং চিকাৰ বিৰোধী শিবিৰৰ নৱীকৰণৰ কাম হাতত লোৱা হৈছে বুলি বাজেট ভাষণত উল্লেখ কৰে।
৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে কাজিৰঙাৰ পৰা কাৰ্বি আংলঙলৈ পাৰ হোৱা জীৱ-জন্তুসমূহৰ নিৰাপদ অহা যোৱা নিশ্চিত কৰিবলৈ ৩৫ কিলোমিটাৰৰ এটা এলিভেটেড কৰিডৰ আৰু সুৰংগৰ সৈতে ৪ লেনযুক্ত পথৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু এই প্ৰকল্পৰ আনুমানিক ব্যয় ৪৮৬৫ কোটি টকা হ’ব বুলি অজন্তা নেওগে বিধানসভাৰ মজিয়াত কয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন হিচাপে আৰু ১৯৮৫ বৰ্ষত ঘোষণা কৰা অনুসৰি ৮৩২ হেক্টৰ অতিৰিক্ত ভূমি অধিগ্ৰহণ কৰা হৈছে। এই ভূমি অধিগ্ৰহণে অঞ্চলটোত বসবাস কৰা ১০৮৫ টা পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে। অধিগ্ৰহণ কৰা ভূমিৰ মুঠ ক্ষতিপুৰণ হিচাপে ২০২২-১৩ বৰ্ষৰ সময়ছোৱাত ৪৮.০৮ কোটি টকা আৰু সাহায্য আৰু পুনৰ সংস্থাপন পেকেজ আগবঢ়োৱাৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ। চৰকাৰখনে তেওঁলোকক বিকল্প স্থানলৈ স্থানান্তৰ হোৱাত সহায় কৰিব। অংশীদাৰীসকলৰ সৈতে পৰামৰ্শমৰ্মে নটা হস্তী কৰিড’ৰ সোনকালেই জাননীকৃত কৰা হ’ব বুলিও বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে।
আৰু পঢ়ক : অসম বাজেট ২০২২-২৩, কি কি বিভাগত নিযুক্তি দিয়া হ’ব ১ লাখ যুৱক-যুৱতীক?