ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুয়ে যেতিয়া সুধিলে- ‘বুলবুল’ কি বস্তু?

অধ্যক্ষগৰাকীৰ এই প্ৰশ্নৰ পিছতে কেইবাজনৰো মুখত হাঁহি বিৰিঙি উঠিছিল

0
838
Photo credit: abplive.com

ৰাজ্যসভাত বাৰে বাৰে বুলবুলৰ নাম শুনি ভেংকায়া নাইডুয়ে অবাক হৈ সুধিলে আচলতে ‘বুলবুল’ কি বস্তু? ৰাজ্যসভাত যেতিয়া ঘূৰ্ণীবতাহ বুলবুল সন্দৰ্ভত TMCৰ দুজন সাংসদে আলোচনা কৰি আছিল সেইসময়তে ৰাজ্যসভাৰ অধ্যক্ষগৰাকীয়ে সুধিছিল এই প্ৰশ্ন। দুয়োজন সাংসদৰ সম্পূৰ্ণ কথা শুনি ভেংকায়া নাইডুয়ে এই প্ৰশ্নটো সুধিছিল আচলতে ‘বুলবুল’ কি হয়।

অধ্যক্ষগৰাকীৰ এই প্ৰশ্নৰ পিছতে কেইবাজনৰো মুখত হাঁহি বিৰিঙি উঠিছিল। ইয়াৰ পিছত উপস্থিত সাংসদসকলে ক’লে যে ‘বুলবুল’ ঘূৰ্ণীবতাহৰ নাম হয়। মাহৰ আৰম্ভণিতে পশ্চিম বংগত এই বুলবুলে বিভীষিকাৰ সৃষ্টি কৰিছিল।

চলিত মাহৰ আৰম্ভণিতে পশ্চিম বংগত ঘূৰ্ণীবতাহ বুলবুলে চলোৱা তাণ্ডৱ সন্দৰ্ভত আলোচনা চলি আছিল ৰাজ্যসভাত। পশ্চিম বংগৰ সাংসদ নদীম উল হক আৰু মানস ৰঞ্জন ভূনিয়াই ঘূৰ্ণীবতাহ ‘বুলবুল’ৰ বাবে হোৱা ক্ষয়-ক্ষতি সন্দৰ্ভত তথ্য দাঙি ধৰিছিল।

TMCৰ সাংসদ দুজনে জনোৱা অনুসৰি ‘বুলবুল’ৰ বাবে ৩খন জিলাত যথেষ্ট ক্ষতিসাধন হৈছিল। এই ধুমুহাৰ ফলত প্ৰায় ২৪ হাজাৰ কোটি টকাৰ লোকচান হৈছিল। ৰাজ্যখনৰ প্ৰায় ৩৫ লাখ লোক প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে আৰু এই ঘূৰ্ণীবতাহৰ ফলত ৫ লাখতকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে।