অসমৰ দুটা কাগজ কলৰ কথা মনত নপৰিল মোডী চৰকাৰৰ! কেন্দ্ৰীয় বাজেটৰ প্ৰসংগত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া…

0
187
৬ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেটৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নেতাগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি বাজেটখন এখন ফোপোলা বাজেট বুলি উল্লেখ কৰি বাজেটত একোৱে নাই বুলি কয়।

শইকীয়াই সংবাদমাধ্যমত কয়, ”বাজেটত একো নাই। এখন ফোপোলা বাজেট। কৰ’ণাৰ বাবে দেশৰ অৰ্থনীতি বেয়া হৈছে। এইক্ষেত্ৰত মোডী চৰকাৰে ব্যৱস্থা লোৱা নাই।”

প্ৰধানমন্ত্ৰী মোডীৰ আত্মনিৰ্ভৰশীল দেশৰ ধাৰণা এতিয়া এটা মৰিচীকা বুলিও নেতাগৰাকীয়ে কয়। লকডাউনৰ সময়ত জনসাধাৰণ কেনেদৰে লোকচানৰ সন্মুখীন হৈছে সেই কথা উল্লেখ কৰি শইকীয়াই কয়, ”আত্ম নিৰ্ভৰশীল দেশৰ ধাৰণা এতিয়া এটা মৰিচীকা হৈছে। লকডাউনৰ সময়ত আম্বানী-আদানী আদিৰ আয় ৩৫ শতাংশ লৈকে বৃদ্ধি পাইছে।”

এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ খবৰৰ উদ্ধৃতি দি শইকীয়াই কয়, ”প্ৰতিঘন্টাত ১ লাখ ৭০ হেজাৰ লোকে কৰ্ম সংস্থাপন হেৰুৱাবলগীয়া হৈছিল। পেট্ৰ’ল-ডিজেলৰ ওপৰত অধিক কৰ আৰোপ কৰাৰ বাবে মূল্য বৃ্দ্ধি পাইছে। কেৱল কভিডৰ বাবেই এনে হোৱা বুলি নহয়। যোৱা ১৭-১৮ বিত্তীয় বৰ্ষত ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক অভিলেখ সংখ্যক ৬.১ শতাংশ হৈছিল। ২০১৯ চনৰ অক্টোবৰত এই সংখ্যা ৮.৫ শতাংশলৈ বৃদ্ধি পাইছিল।”

চাহ বাগান এলেকালৈ কেন্দ্ৰীয় বাজেটত নিৰ্ধাৰণ কৰি দিয়া পেকেজৰ কথা উল্লেখ কৰি শইকীয়াই কয়, ”চৰকাৰে বাগান এলেকাৰ বিদ্যালয়সমূহ নিজৰ হাতলৈ নি চলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মহিলাসকলৰ বাবে স্বাস্থ্যক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

অসমৰ বন্ধ হৈ থকা দুটা কাগজ কল পুনৰোজ্জিৱীত কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ কৰে শইকীয়াই। অসমক বিত্তীয় অনুদানৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰে বঞ্চিত কৰাৰো অভিযোগ শইকীয়াই কৰে।

”৮৫০খনকৈ পঞ্জীয়নভুক্ত অসমত বাগান আছে। কিন্তু বাগানৰ পথ নিৰ্মাণ তথা সুবিধা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ একো ব্যৱস্থা নাই।” এইসমূহ কৰিবলৈ ১০০ বছৰ লাগিব বুলিও নেতাগৰাকীয়ে কয়।

”কেন্দ্ৰীয় চৰকাৰে ৰাজ্যক পুঁজি প্ৰদানত বঞ্চনা কৰি আহিছে। ঘৰুৱা উৎপাদনৰ তথ্য চৰকাৰে গোপনে ৰাখিছে। উত্তৰ-পূবৰ উদ্যোগ আৰু নিৱনুৱাৰ বাবে বিশেষ পেকেজ নাই।” এনেদৰেও দেবব্ৰত শইকীয়াই কয়।

আৰু পঢ়ক : পুৰণা গাড়ীৰ বাবে বিপদ! বাজেটত কেন্দ্ৰীয় মন্ত্ৰীৰ নতুন নীতি