31 C
Guwahati
Thursday, September 29, 2022
More

    অতি বেদনাদায়ক ! প্ৰথমতে প্ৰেম , পিছত প্ৰেয়সীক তিনিবাৰকৈ বিক্ৰী কৰিলে প্ৰেমিকে

    অতি বেদনাদায়ক ! প্ৰথমতে প্ৰেম , পিছত প্ৰেয়সীক তিনিবাৰকৈ বিক্ৰী কৰিলে প্ৰেমিকে

    পশ্চিম বংগৰ উত্তৰ পৰগনা জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী ১৫ বছৰীয়া কিশোৰীক প্ৰেমিকে বিক্ৰী কৰি দিয়ে।

    ১৫ বছৰীয়া এগৰাকী কিশোৰীয়ে ছচিয়েল মিডিয়াত চিনাকি হৈ প্ৰেমৰ সম্পৰ্কত আছিল। কিশোৰী গৰাকীয়ে বিদ্যালয়লৈ যোৱা বুলি বাহানা কৰি যুৱক জনৰ সৈতে পলাই যায়।

    কিন্তু যুৱক জনে আধা ৰাস্তাতে কিশোৰী গৰাকীক বাছ এৰি থৈ যায়। দৰাচলতে যুৱক জনে কিশোৰী গৰাকীক আন এজন ব্যক্তিক ডেৰ লাখ টকাত বিক্ৰী কৰি দিয়ে।

    আনজন যুৱকে কিশোৰী গৰাকীক বিহাৰৰ আন এজন লোকৰ হাতত বিক্ৰী কৰি দিয়ে। সেই লোক জনে কিশোৰী গৰাকীক এগৰাকী মহিলাৰ ওচৰত থৈ যায়।

    মহিলা গৰাকীয়ে তাইৰ ৪৫ বছৰীয়া এজন ব্যক্তিৰ লগত বিয়া কৰাই দিয়ে। সেইসময়ত মহিলা গৰাকীৰ পুত্ৰই কিশোৰী গৰাকীক ধৰ্ষণ কৰা আৰম্ভ কৰে।

    কিন্তু সৌভাগ্যক্ৰমে সেই নৰকৰ পৰা উদ্ধাৰ হয় কিশোৰী গৰাকী। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এগৰাকী মহিলা সহ ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আদালতে চাৰিজনক দোষীক ২০ বছৰৰ শাস্তি প্ৰদান কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং