
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, অসম-পশ্চিমবংগত ৭০শতাংশৰ ওপৰত ভোট
বিধানসভা নিৰ্বাচনৰ আজি ১ এপ্ৰিল তাৰিখে অসম আৰু পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰভোটগ্ৰহণ অনুষ্ঠিত হয়। অসমত সন্ধিয়া ৫ বজালৈ ৭৩.০৩ শতাংশ ভোটদান সম্পন্ন হোৱাৰ বিপৰীতে পশ্চিমবংগত ৮৯.৪৩ শতাংশ ভোটদান হয়।
পশ্চিমবংগৰ আজিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩০ খন বিধানসভা আসনৰ ভোটগ্ৰহণ হয়। এই ৩০ খন আসনত ১৭১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়। ইয়াৰে ১৫২ গৰাকী পুৰুষ আৰু ১৯ গৰাকী মহিলা প্ৰাৰ্থী।
অসমত আজিৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানত ৩৯ চা সমষ্টি আছিল। এই ৩৯ টা সমষ্টিত মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায় । ইয়াৰে ৩১৯ গৰাকী পুৰুষ প্ৰাৰ্থী আৰু ২৬ গৰাকী মহিলা প্ৰাৰ্থী।
উল্লেখ্য যে, অসম আৰু পশ্চিমবংগত অহা ৬ এপ্ৰিল তাৰিখে তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অসমৰ সেয়া হব অন্তিমটো ভোটদানৰ দিন, তাৰ বিপৰীতে পশ্চিমবংগত ১০ , ১৭, ২২, ২৬ আৰু ২৯ এপ্ৰিলটো ভোটগ্ৰহণ থাকিব।
আৰু পঢ়ক : হাইলাকান্দিত বিকল EVM ! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচাৰ্জ, আহত ভোটাৰ