ব্ৰেড খাই ভাল পাই, কিন্তু ওজন বৃদ্ধিৰ ভয়! পাছে জানেনে ব্ৰেডে ওজন হ্ৰাস কৰাত সহায়হে কৰে…
ব্ৰেডে ওজন হ্ৰাস কৰাত সহায় কৰে, কেৱল এই ভুল পৰিহাৰ কৰি চলক। সকলো সময়তে সকলো ধৰণৰ ব্ৰেড খোৱাৰ পৰা আঁতৰি থাকক।
বৰ্ধিত ওজন মানুহৰ বাবে এটা ডাঙৰ সমস্যা হৈ আহিছে। মানুহে ওজন হ্ৰাস কৰিবলৈ বিভিন্ন ব্যৱস্থাও লয়। ওজন বৃদ্ধিৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্যৰ সমস্যাও দেখা দিয়ে।
বিশেষকৈ ওজন বৃদ্ধিৰ ফলত ডায়েবেটিচ আৰু হৃদৰোগ হোৱাৰ আশংকা অধিক থাকে। সেয়ে সকলো মানুহেই সঠিক ওজন ধৰি ৰখাৰ প্ৰতি মনোযোগ দিয়া উচিত।
বহু লোকেই ব্ৰেড খাই ভাল পাই বা নিতৌ পুৱাৰ আহাৰত ব্ৰেড বাটাৰ, বা ব্ৰেড জাম খাই। পাছে তাৰেই মাজৰ কিছু লোকে ভাবে যে, ব্ৰেড খোৱাৰ ফলত ওজন বৃদ্ধি পাই, শৰীৰত মেদ জমা হয়।
কিন্তু কি ধৰণে ব্ৰেড খাব যিয়ে আপোনাৰ শৰীৰ সুঠাম কৰি হে ৰাখিব..
বগা ব্ৰেড পৰিহাৰ কৰক-
স্বাস্থ্য বিশেষজ্ঞসকলে বগা ব্ৰেডক শৰীৰৰ বাবে ক্ষতিকাৰক বুলি কয়। সাধাৰণতে পিজ্জা, চেণ্ডউইচ বা জলপানৰ বাবে ব্যৱহৃত বগা ব্ৰেড, বিভিন্ন ধৰণে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। দৰাচলতে, বগা ব্ৰেড পৰিশোধিত শস্যৰ পৰা প্ৰস্তুত কৰা হয় আৰু ইয়াত উচ্চ পৰিমাণৰ কাৰ্ব থাকে। ৰক্ত শৰ্কৰাৰ স্তৰো বৃদ্ধি কৰে বগা ব্ৰেডে।
ওজন হ্ৰাস কৰিবলৈ কি খাব?
যদি আপুনি ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে আৰু ৰাতিপুৱাৰ আহাৰত ব্ৰেড অন্তৰ্ভুক্ত কৰিব বিচাৰে তেনেহ’লে সম্পূৰ্ণ শস্যৰ ব্ৰেড খোৱাটো ইয়াৰ বাবে এক ভাল বিকল্প হ’ব। সম্পূৰ্ণ শস্যৰ পিঠাত যথেষ্ট পৰিমাণৰ শস্য আৰু ব্ৰাণ থাকে।
ওটমিলৰ ব্ৰেডো অন্তৰ্ভুক্ত কৰিব পাৰে খাদ্য তালিকাত-
ওজন হ্ৰাস কৰাৰ বাবে ওটমিলৰ ব্ৰেড সহায়ক। ইয়াত আঁহ, মেগনেছিয়াম, ভিটামিন বি১, লো আৰু জিংক পোৱা যায়। ইয়াত থকা আঁহৰ পৰিমাণে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে, উচ্চ ৰক্তচাপ হ্ৰাস কৰে আৰু কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।