21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ এজনক আটক

    শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ এজনক আটক

    জিলাৰ চাৰিদুৱাৰত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ। আজি পুৱা চাৰিদুৱাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

    লখীমপুৰ জিলাৰ নাৰায়ণপুৰ মাজৰচুকৰ নিৱাসী এজন ব্যক্তিয়ে AS 01 JC 4383 নম্বৰৰ চুইফট ডিজিয়াৰ গাড়ীখনৰে চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ চেৰগাঁৱৰ পৰা অবৈধভাৱে আনি থকা অৱস্থাত আৰক্ষীয়ে গাড়ীসহ গাঞ্জাখিনি জব্দ কৰে।

    প্ৰায় ৭০ কেজি ওজনৰ গাঞ্জাখিনিৰ মূল্য প্ৰায় ২ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। উল্লেখ্য যে যোৱা ৯ ফেব্ৰুৱাৰীত চাৰিদুৱাৰ আৰক্ষী আৰু ট্ৰেফিক আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ খালাকটাঙৰ পৰা AS12-F-3331নম্বৰৰ এখন চেন্ট্ৰ গাড়ীখনৰে বি টি এডিৰ ৰৌতালৈ অতি গোপনে আনি থকা অৱস্থাত গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হৈছিল।

    আৰু পঢ়ক : ”বিজেপিয়ে বোৱাৰী বুলি লৈ যোৱা অজন্তা নেওগ এতিয়া খেদা খাবলগীয়া পৰিস্থিতি হৈছে”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং