24.2 C
Guwahati
Saturday, September 18, 2021
More

    ভাইৰেল ভিডিঅ, মালা পিন্ধোৱাৰ সময়তে দৰাৰ সৈতে কাবাডী খেলিবলৈ ধৰে কইনাই

    কৰণাৰ এই দিনত বৰ্তমানে সমগ্ৰ দেশতে অতি নগন্য সংখ্যক আলহীৰে বিয়া সবাহ আদি অনুষ্ঠিত হৈ আছে। পূৰ্বৰ বিয়াৰ মাদকতা নোহোৱাৰ দৰে হৈ পৰিছে। পিছে তাৰ মাজতে কিছু দৰা কইনাৰ অদ্ভূত কাণ্ড কাৰখানাই ৰসাল কৰি তুলিছে বিয়াৰ অনুষ্ঠান। এইবাৰ এটা ভিডিঅ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। য’ত দেখা গৈছে মালা পিন্ধোৱাৰ সময়তে কইনাগৰাকীয়ে ষ্টেজতে কাবাডী খেলিবলৈ ধৰিছে। দৰায়ো কইনাক পৰাস্ত কৰাৰ উদ্দেশ্যে খেলত ভাগ লৈছে। পিছে দৰা বা কইনা এগৰাকীয়ো কাবাডী খেলুৱৈ নহয়।

    কেৱল মনোৰঞ্জনৰ বাবেহে তেনেদৰে কৰে দুয়ো দৰা-কইনাই। বৰমালা পিন্ধোৱা সময়তে দৰাই কইনাই থিকেই পিন্ধাই দিয়ে, পিছে দৰাই মালা পিন্ধাবলৈ ধৰোতেই পলাবলৈ ধৰে কইনাই। কাবাডী খেলাৰ দৰে পলাবলৈ ধৰে।

    পিছত দৰাৰ বন্ধু বৰ্গ আহি কাষে কাষে থাকিয়েই দৰাক সহায় কৰি দি মালা পিন্ধোৱাত সফল কৰি তুলো। ছচিয়েল মিডিয়াত অতি দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে এই ভিডিঅ। পিছে এই ভিডিঅ কোন ঠাইৰ, সেই বিষয়ে জানিব পৰা হোৱা নাই।

    আৰু পঢ়ক : এইগৰাকী অভিনেত্ৰী ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত, বন্ধুৰ ঠাইতে মৃত্যু, অভিনেত্ৰীয়ে মৃত্যুৰে যুঁজিছে হাস্পতালত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং