23 C
Guwahati
Saturday, January 15, 2022
More

    শীতৰ প্ৰকোপ বৃদ্ধি পাইছে অসমৰ সকলো ঠাইৰ লগতে ঘন জনবসতিৰ মহানগৰীতো, কোনো ঠাইত পাৰাস্তম্ভ নামিল ৮ ডিগ্ৰীলৈ

    শীতৰ প্ৰকোপ বৃদ্ধি পাইছে অসমৰ সকলো ঠাইৰ লগতে ঘন জনবসতিৰ মহানগৰীতো, কোনো ঠাইত পাৰাস্তম্ভ নামিল ৮ ডিগ্ৰীলৈ

    শীতৰ প্ৰকোপ বৃদ্ধি পাইছে অসমত। বহু ঠাইত আজি ঘন কুৱঁলীয়ে আৱৰি ৰাখে। পুৱা ৯ মান বজালৈ ঘন কুৱঁলীৰ আচ্ছাদনে সকলো ঠাইৰ লগতে ঘন জনবসতিৰ মহানগৰীতো আৱৰি ৰাখে।

    ৰাজ্যৰ কোনো কোনো ঠাইত পাৰাস্তম্ভ নামিল ৮ ডিগ্ৰী ছেলচিয়াছলৈ । গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি মহানগৰীৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ১১ ডিগ্ৰী ছেলচিয়াছ। অহা কাইলৈয়ো বতৰ একেই থকাৰ সম্ভৱনা।

    আনহাতে ৰাজ্যৰ ভিতৰত আজি সৰ্বনিম্ব তাপমাত্ৰা আছিল উত্তৰ লক্ষিমপুৰত। ৮ ডিগ্ৰী ছেলচিয়াছলৈ নামে পাৰাস্তম্ভ। তাৰ সমান্তৰালকৈ ডিব্ৰুগড়ত আজিৰ সৰ্বনিম্ন তাপমাত্ৰা ৯ ডিগ্ৰী ছেলচিয়াছ।

    তেজপুৰত ১২ ডিগ্ৰী ছেলচিয়াছ, শিলচৰ ১৫ ডিগ্ৰী ছেলচিয়াছ, যোৰহাট- তিনিচুকীয়া- গোলাঘাট চহৰতো ৯ ডিগ্ৰী ছেলচিয়াছলৈ নামে পাৰাস্তম্ভ।

    ধুবুৰী জিলাত ১৪ ডিগ্ৰী ছেলচিয়াছ, বৰপেটা ১০ ডিগ্ৰী ছেলচিয়াছ, নলবাৰী ১১ ডিগ্ৰী ছেলচিয়াছ, নগাঁও ১২ ডিগ্ৰী ছেলচিয়াছ বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা তথ্যত জানিব পৰা গৈছে।

    আৰু পঢ়ক : চিটি বাছৰ দৌৰাত্ম্য, কোনোমতে পেটে ভাতে খাই থকা মুনিম বৰাৰ অকাল মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং