29 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰঙা গ্ৰহত দেখা পোৱা গ’ল এনে কিছু দৃশ্য, যি দেখি জীৱ থকাৰ আশা ব্যক্ত বৈজ্ঞানিকৰ

    ৰঙা গ্ৰহ মঙলত সদ্যহতে দেখা পোৱা গ’ল কিছু বিৰল দৃশ্য। যি দৃশ্যই আশাৰ সঞ্চাৰ কৰিছে বৈজ্ঞানিকৰ মাজত। জীৱ থকাৰ আশা কৰিছে বৈজ্ঞানিকৰ দলে। কিয়নো মঙল গ্ৰহত সদ্যহতে দেখা গ’ল ভাপৰ তৰপ।

    ভিতৰৰ পৰা কোনো বস্তু উদগীৰণ হোৱাৰ দৰে বা গৰম পানীৰ ভাপ বাহিৰ হোৱাৰ দৰে ৰঙা গ্ৰহ মঙলতো দেখা গ’ল ভাপৰ তৰপ। কিয়নো বৰ্তমানলৈতে মঙল গ্ৰহত পানীৰ কোনো সম্ভেদ পোৱা হোৱা নাছিল।

    পানী কেৱল বৰফৰ ৰূপত হে দেখা গৈছিল। তেনে ক্ষেত্ৰত পানীৰ ভাপৰ এক পাতল তৰপে আশাৰ সঞ্চাৰ কৰিছে। বৈজ্ঞানিকে দাবী কৰিছে পানী আছে কাৰণেই পানীৰ ভাৱ আছে।

    এই পাতল ভাপৰ তৰপটো দুটাকৈ মহাকাশ সন্থাৰ ছেটেলাইটত ধৰা পৰিছে। ইউৰোপীয়ান মহাকাশ সন্থা (ESA) আৰু ৰাছিয়ান মহাকাশ সন্থা(Roscosmos)ৰ ছেটেলাইটত ধৰা পৰিছে এই পানীৰ ভাপৰ দৃশ্য।

    বুধবাৰ ১০ ফেব্ৰুৱাৰীৰ দিনা এই দৃশ্য পৰিলক্ষিত হয় দুয়োটা ছেটেলাইটত। তাৰ পিছৰে পৰা বৈজ্ঞানিকে আশা কৰিছে যে, মঙল গ্ৰহটো কোনো এক সময়ত জীৱৰ উপস্থিতি আছিল বা আছে বা ভৱিষ্যতে হোৱাৰ সম্ভাৱনা আছে ।

    আৰু পঢ়ক :  মহিলাৰ সুৰক্ষাৰ কাৰণে চৰকাৰে প্ৰতিমাহে ব্যয় কৰে মাত্ৰ ১০২ টকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং