বোকাখাতত মহিলাৰ হাতত প্ৰাণ পায় উঠিছে “পানী মেটেকাই”। প্ৰস্তুত কৰিছে নিত্য ব্যৱহাৰযোগ্য বিভিন্ন সামগ্ৰী। এলাগী পানী মেটেকাও হ’ব পাৰে ক্ষুদ্ৰ উদ্যোগৰ সমল। বোকাখাতত মেটেকাৰ পৰা সামগ্ৰী প্ৰস্তুতত ব্যস্ত এদল মহিলা।প্ৰস্তুত কৰিছে বেগ,ফুটমেট,কণ্টেনাৰ।
অসমৰ গাঁৱে ভুঞে থকা বিল জলাহ পুখুৰী আদিত ব্যাপক ৰূপত সিঁচৰতি হৈ থকা জলজ উদ্ভিদ মেটেকাও হৈ পৰিব পাৰে সাম্ভব্য এক উদ্যোগৰ কেঁচামাল ।যি উদ্যোগৰ পৰা প্ৰস্তুত হ’ব পাৰে প্ৰাত্যহিক জীৱনত ব্যৱহাৰযোগ্য সামগ্ৰী বেগ,কণ্টেনাৰ, ডাইনিং মেট, ফুট মেট, কলমদানী, টুপি, জেকেট, আনকি হাৱাই চেণ্ডেলো।
আচৰিত যেন লাগিলেও এয়া সম্ভৱ হৈ উঠিছে বোকাখাতত। মেটেকাৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুতকৰণৰ এক ছয়দিনীয়া বিজ্ঞানসন্মত প্ৰশিক্ষণৰে গণ সেৱা সমিতি নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে উৎসাহী কৰি তুলিছে বোকাখাতৰ গ্ৰামাঞ্চলৰ ভালেসংখ্যক মহিলাক।
বোকাখাতৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণৰত এই সকল মহিলা এতিয়া ব্যস্ত মেটেকাৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুতকৰণত। কোনোবাই যদি মেটেকাৰ পৰা প্ৰস্তুত কৰিছে বেগ কোনোবাই আকৌ ফুটমেট।
গণ সেৱা সমিতি”ৰ হৈ সমাজকৰ্মী বিজয় কুটুমৰ তত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণ অনুষ্ঠানৰ সমান্তৰাল ভাৱে বোকাখাতৰ গ্ৰামাঞ্চলত এনে ক্ষুদ্ৰ উদ্যোগ প্ৰতিস্থাৰ বাবে “গণ সেৱা সমিতি”য়ে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে কেইবাটাও ব্যৱসায় প্ৰতিস্থানৰ পৰা লাভ কৰিছে আগতীয়া যোগাযোগ।
উল্লেকখযোগ্য যে যি সময়ত ইক’ চেনচিটিভ জ’ন হিচাপে ঘোষিত বোকাখাতত বৃহৎ উদ্যোগ স্থাপনত বাধা আহি পৰাৰ সমান্তৰালকৈ ব্যাপক নিবনুৱা সমস্যাই গা কৰি উঠিছে, তেনে সময়ত এনে উদ্যোগ স্থাপনেৰে বোকাখাতত সঞ্চাৰ কৰিব পাৰে ক্ষুদ্ৰ উদ্যোগ ব্যাপক সম্ভাবনীয়তাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত হ’ব পাৰে এক ফলপ্ৰসু পদক্ষেপ ।
input and photo: popi saikia