আজিকালিৰ দিনত সকলোৰে পৰিশ্ৰম আৰু সময় কমোৱাৰ বাবে বিভিন্ন অত্যাধুনিক সা-সামগ্ৰী নিৰ্মাণ হৈছে। ৱাছিং মেছিনো এনে এবিধ মেচিন য’ত অতি কম সময়ৰ ভিতৰতে কোনো পৰিশ্ৰম নোহোৱাকৈ কাপোৰ ধুব পাৰি। কিন্তু ইয়াৰ মাজতে নিউজিলেণ্ডৰ পৰা এটা অতি ভয়ংকৰ খবৰ পোহৰলৈ আহে। ৱাছিং মেছিনৰ ফলতেই মৃত্যু মুখত পৰে এটি কনমানি । অৱশ্যে এতিয়া আৰক্ষীয়ে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে যে কেনেদৰে শিশুটি ৱাছিং মেছিনৰ ভিতৰত সোমাল। ঘটনাৰ বিৱৰণী অনুসৰি শিশুটি মেছিনৰ ভিতৰত সোমোৱাৰ ফলত গুৰুতৰভাৱে আহত হয়। তাৰ পিছতে শিশুটিক হস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিতসকে মৃত ঘোষণা কৰে।
উল্লেখ্য যে, শুকুৰবাৰে সংঘটিত হয় এই ঘটনা ।
আৰু পঢ়ক : ৰূপহীহাট আৰক্ষীৰ অভিযানত ৫২ কেজি গাঞ্জাসহ দুজনক আটক