27 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গুৱাহাটীত অনলাইনত সুৰা, ক্ৰয়ৰ বাবে কি কৰিব আপুনি? জানক সবিশেষ..

    গুৱাহাটীত অনলাইনত সুৰা, ক্ৰয়ৰ বাবে কি কৰিব আপুনি? জানক সবিশেষ..

    গুৱাহাটীৰ সুৰাপায়ীসকলৰ বাবে সুখবৰ। বৃহস্পতিবাৰে অসম চৰকাৰে চহৰখনত সুৰাৰ অনলাইন বিতৰণৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰিছে।

    উল্লেখ্য যে  অসম কেবিনেটে সুৰাৰ দোকানবোৰত হোৱা ভিৰ হ্ৰাস কৰিবলৈ পৰীক্ষামূলক ভিত্তিত এমাহৰ বাবে গুৱাহাটীত সুৰা অনলাইনত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল।

    ক’ভিড নীতি প্ৰযোজ্য হৈ থকাৰ বাবে চহৰখনৰ সুৰাৰ দোকানবোৰ বিয়লি ৪ বজাত বন্ধ হৈ যায়। দোকানবোৰ বন্ধ হোৱাৰ আগে আগে সাংঘাতিক ভিৰ হয় আৰু এই ভিৰ হ্ৰাসৰ বাবেই চৰকাৰে এই সিদ্দান্ত লোৱা বুলি জনাইছিল।

    বৃহস্পতিবাৰে জাৰি কৰা এক জাননীত, ৰাজ্যিক আবকাৰী বিভাগে যোগ্য ৰিটেইলাৰসকলক শীঘ্ৰেই এই সুবিধা প্ৰদানৰ বাবে পঞ্জীয়ন কৰিবলৈ কয়।  

    ‘ৰাতিপুৱা ১১ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত ডেলিভাৰী কৰিব পাৰিব। অৰ্ডাৰ প্ৰাপ্ত কৰাৰ দুঘণ্টাৰ ভিতৰত ডেলিভাৰী দিব লাগিব’, জাননীত কোৱা হৈছে।

    জাননীখনত লগতে এজন যোগ্য গ্ৰাহকে অৰ্থাত ২১ বছৰৰ ওপৰৰ লোকে তিনি লিটাৰলৈকে অনলাইন অৰ্ডাৰ দিব পাৰে। অৱশ্যে, ডেলিভাৰী এজেণ্টক এটা সময়ত সৰ্বাধিক ৯ লিটাৰ (বাল্ক লিটাৰ) সুৰা কঢ়িয়াবলৈ অনুমতি দিয়া হ’ব বুলি উল্লেখ কৰিছে।

    অৰ্ডাৰৰ লগে লগে মূল্যও পৰিশোধ কৰিব লাগিব গ্ৰাহকসকলে।

    ডেলিভাৰী এজেণ্টৰ বয়সৰ সীমা ২১ বছৰ নিৰ্ধাৰণ কৰা হৈছে।

    অৱশ্যে শিক্ষা প্ৰতিষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা তথা ধৰ্মীয় প্ৰতিষ্ঠানত ডেলিভাৰী কৰিব নোৱাৰিব।

    চৰকাৰে লগতে ডেলিভাৰী চাৰ্জো নিৰ্ধাৰণ কৰি দিছে। এক কিলোমিটাৰৰ ভিতৰত ৫০ টকা আৰু ২ ৰ পৰা ৩ কিলোমিটৰৰ ভিতৰত ৭৫ টকা ডেলিভাৰী চাৰ্জ হিচাপে ল’ব।

    সুৰা ডেলিভাৰীৰ বাবে অতি শীঘ্ৰে এটা এপ মুকলি কৰা হ’ব।

    আৰু পঢ়ক : ১৫ কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগত এজাহাৰ দাখিল পূৰ্ব আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং