স্থায়ী সমাধান বিচাৰো, যুদ্ধ কোনো বিকল্প নহয় : ভাৰত সন্দৰ্ভত মন্তব্য পাকিস্তানৰ

0
927

ভাৰতৰ সৈতে স্থায়ী সমাধান বিচাৰিছে পাকিস্তানে। কাশ্মীৰ সমস্যা সমাধানৰ বাবে যুদ্ধ দুয়োখন দেশৰ বাবে বিকল্প নহয় বুলি মন্তব্য কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে ‘স্থায়ী শান্তি’ বিচাৰিছে।

‘দ্য নিউজ ইণ্টাৰনেশ্যনেল’ কাকতে প্ৰকাশ কৰা অনুসৰি, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলক সম্বোধন কৰি শ্বাহবাজ শ্বৰীফে কয় যে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ অধীনত কাশ্মীৰ সমস্যাৰ সমাধান অঞ্চলটোৰ স্থায়ী শান্তিৰ সৈতে জড়িত।

শুকুৰবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী শ্বৰীফে কয়, ‘পাকিস্তানে অঞ্চলটোত শান্তি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে স্থায়ী শান্তি বিচাৰো কাৰণ যুদ্ধ কোনো দেশৰ বাবে বিকল্প নহয়’।

উল্লেখ্য যে কাশ্মীৰৰ প্ৰসংগ আৰু সীমান্তৰ সিপাৰৰ পৰা অহা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত অৱনতি ঘটিছে।

ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত বিনিময়ত শ্বৰীফে কয় যে পাকিস্তান আৰু ভাৰতে বাণিজ্য, অৰ্থনীতি আৰু নাগৰিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগে।