
বাংলাদেশ প্ৰিমিয়াৰ লীগত বলিঙেৰে বিধ্বংসী ৰূপ ধাৰণ কৰা পাকিস্তানৰ তাৰকা বলাৰ ৱাহাব ৰিয়াজে প্ৰতিযোগিতাখনৰ মাজভাগত লাভ কৰিছে এক আনন্দৰ খবৰ।
ৰিয়াজক পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ কেয়াৰটেকাৰ চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
অৱশ্যে শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব নোৱাৰিব, কিয়নো তেওঁ বৰ্তমান বাংলাদেশ লীগত ব্যস্ত আৰু তাৰ পৰা উভতি আহিহে শপত গ্ৰহণ কৰিব।
বাওঁহতীয়া বলাৰগৰাকীয়ে পাকিস্তানৰ হৈ ১৫৬খন আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ২৩৭টা উইকেট দখল কৰিছে। ২০১৭ চনত চেম্পিয়নছ ট্ৰফী জয় কৰা পাকিস্তানী দলৰ অংশ আছিল ৰিয়াজ।
অৱশ্যে ২০১৯ চনত ৰঙা বল অৰ্থাত টেষ্ট ক্ৰিকেটৰ পৰা অনিৰ্দিষ্টকালৰ বিৰতি লৈছিল ৰিয়াজে। বিৰতি লৈ তেওঁ কৈছিল যে তেওঁ সীমিত অ’ভাৰৰ ক্ৰিকেটত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব বিচাৰে।
কিন্তু যোৱা ২ বছৰ ধৰি পাকিস্তানৰ হৈ সীমিত অ’ভাৰৰ ক্ৰিকেট খেলিবও সুযোগ লাভ কৰা নাই ক্ৰিকেটাৰগৰাকীয়ে।
২০২০ চনৰ পৰা পাকিস্তানৰ হৈ খেলাৰ সুযোগ নোপোৱা ৱাহাব ৰিয়াজে, কিন্তু বাংলাদেশ লীগত সুন্দৰ প্ৰদৰ্শন কৰি আছে। যোৱা ১০ দিনত তেওঁ বাংলাদেশ লীগত ৯টা উইকেট দখল কৰে। কিছু দিন পূৰ্বে তেওঁ ৪০০ টি-২০ উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল।
এই কৃতিত্ব গঢ়া তেওঁ পাকিস্তানৰ প্ৰথমগৰাকী খেলুৱৈ তথা ডোৱাইন ব্ৰাভো, ৰাছিদ খান, সুনীল নাৰিন, ইমৰাণ তাহিৰ আৰু চাকিব আল হাছানৰ পিছত তেওঁ বিশ্বৰ ষষ্ঠজন বলাৰ হিচাপে পৰিগণিত হয়।