অসমৰ ৪ সমষ্টিত উপ–নিৰ্বাচন, পুৱাৰে পৰা আৰম্ভ ভোটগ্ৰহণ

ৰাতাবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৬৪,৮৩০ গৰাকী। জনিয়া সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৮৮,২১৪ গৰাকী। ৰঙাপৰা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৫৫,২৬৭ গৰাকী আৰু সোণাৰি সমষ্টিত মুঠ ভোটাৰকৰ সংখ্যা ১,৭০,৫৮৭ গৰাকী

0
512

আজি অসমৰ ৪টা সমষ্টিত উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাতাবাৰী, জনিয়া, ৰঙাপৰা আৰু সোণাৰি সমষ্টিৰ বাবে অনুষ্ঠিত এই নিৰ্বাচন।

ৰাতাবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৬৪,৮৩০ গৰাকী। জনিয়া সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৮৮,২১৪ গৰাকী। ৰঙাপৰা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৫৫,২৬৭ গৰাকী আৰু সোণাৰি সমষ্টিত মুঠ ভোটাৰকৰ সংখ্যা ১,৭০,৫৮৭ গৰাকী।

ৰঙাপৰাঃ কাৰ্তিক কুৰ্মী (কংগ্ৰেছ), ভাৰতীয় গণ পৰিষদ দলৰ অৰূপ কুমাৰ চৌধুৰী, চি পি আই(এম)ৰ ৰয়েল ছৰেং, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) পাৰ্টীৰ সঞ্জিত ৰাজবংশী আৰু বিজেপিৰ ৰাজেন বৰঠাকুৰে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

সোণাৰিঃ কংগ্ৰেছ দলৰ সুশীল চুৰী আৰু বিজেপিৰ নৱনীতা সন্দিকৈ।

ৰাতাবাৰীঃ বিজেপিৰ বিজয় মালাকাৰ, কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰাজাক, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ বিৰেন্দ্ৰ ৰবিদাস আৰু নিৰ্দলীয় পৰিক্ষিত ৰয়।

জনিয়াঃ বিজেপিৰ টফিকুৰ ৰহমান, কংগ্ৰেছৰ ছামছুল হক, AIUDFৰ ৰফিকুল ইছলাম, AAPৰ ফাৰুক খান, Democratic Party of Indiaৰ ৰফিকুল ইছলাম, NPPৰ চান্দ মহম্মদ, CPI-Mৰ ৰুষ্টম আলী, নিৰ্দলীয় আব্দুল জলিল তালুকদাৰ আৰু নিৰ্দলীয় সুভাষ সুত্ৰধৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ইফালে পুৱা ৭ বজাৰ পৰা সোণাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ। সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ১১৬ নং আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে।