ভোটাৰ পৰিচয় পত্ৰ ভাৰতীয় নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: গুৱাহাটী উচ্চ ন্যায়ালয়

0
61

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিশ্চিত কৰে যে, ভোটাৰ পৰিচয় পত্ৰ ভাৰতীয় নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়। লগতে ১৯৮৫ চনৰ অসম চুক্তিৰ অধিনত এই ভোটাৰ পৰিচয় পত্ৰৰ দ্বাৰা কোনো ব্যক্তি বিদেশী বা ভাৰতীয় বিচাপে প্ৰমাণিত নহব।

ন্যায়াধীশ মানোজিত ভূঞা আৰু ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়া সমন্বয়ে গঠিত ডিভিজন বেঞ্চে বিদেশী ট্ৰিবিউনেলৰ আদেশৰ বিৰুদ্ধে উজনি অসমৰ মাৰ্ঘেৰিটাৰ মহম্মদ বাবুল ইছলামৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। এই শুনানিতেই ১৯৭১ৰ পিছত অহা লোক সকলক বিদেশী বুলি ধৰা হৈছিল।

এই শুনানিতেই মহম্মদ বাবুল ইছলামক নিজৰ ভাৰতীয় হিচাপে প্ৰমাণ কৰিবৰ বাবে কোনো প্ৰমাণ দাখিলৰ বাবে কয়। তেতিয়া মহম্মদ বাবুল ইছলামে জন্মগতভাৱে তেওঁ অসমৰ আৰু লগতে প্ৰমাণ হিচাপে আগবঢ়াই ১৯৯৭ৰ নিজৰ নাম সন্নিবিষ্ট ভোটাৰ পৰিচয়ৰ তালিকা।

১৯৯৭ৰ ভোটাৰ তালিকাৰ লগতে প্ৰমাণ হিচাপে আগবঢ়াই মুঠ চাৰিটা প্ৰমাণ। ভোটাৰ পৰিচয় পত্ৰ, ৰিজিষ্টাৰ্ড চেল ডেড ১৯৬৪ আৰু চেল ডেড ১৯৭০।

পিছে আইন অনুসৰি এইকেইটা উপযুক্ত প্ৰমাণ নাছিল মাৰ্ঘেৰিটাৰ মহম্মদ বাবুল ইছলামক ভাৰটীয় হিচাপে প্ৰমাণ কৰাৰ। সেয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে সদৰি কৰে যে, ভোটাৰ পৰিচয় পত্ৰ ভাৰতীয় নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়।

Photo credit: english.newstracklive.com