29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কাইলৈ হ’ব নিৰ্বাচনৰ ফলাফল ঘোষণা! ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু নিৰ্বাচন আয়োগ…

    কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ বাবে সাজু শিৱসাগৰ জিলা প্ৰশাসন। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোট গণনা প্ৰক্ৰিয়া। পুৱা আঠ বজাৰ পৰা আৰম্ভ হব ভোট গণনা।

    ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰ। এই কেন্দ্ৰটোত শিৱসাগৰৰ তিনিটা সমষ্টিৰ ভোটহণনা কৰা হ’ব। শিৱসাগৰ, আমগুৰি আৰু থাওৰা এই তিনিটা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হব এই কেন্দ্ৰটোত।

    এই তিনিটা সমষ্টিৰ মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ’ব কালিলৈ। পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই তিনিটা সমষ্টিৰ ভোটহণনা কাৰ্যৰ প্ৰথমে পোষ্টেল বেলেটৰ ভোট গণনা কৰা হ’ব। ভোট গণনাৰ বাবে নিয়োজিত সকলো কৰ্মচাৰীৰ ক’ভিড টেষ্ট সম্পূৰ্ণ কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিষ্ণ কমল বৰাই।

    Photo and input: Sanjay pareek

    আৰু পঢ়ক : থলগিৰীৰ কথা কোৱা আলফাই ৰিতুল শইকীয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক : শংকৰ জ্যোতি বৰুৱা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।