দুৰ্ঘটনাত পতিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি; মুখপাত্ৰই জনালে সবিশেষ

0
32
পুটিনক সাক্ষাৎ কৰিবলৈ সাজু জেলেনস্কি! ক'লে- 'যিয়ে আৰম্ভ কৰিছিল

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি এক পথ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে। ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ ছাৰ্গেই নিকিফ’ৰভে এক চমু বিবৃতিত কয় যে ৰাজধানী কিভত জেলেনস্কিৰ বাহন আৰু তেওঁৰ কনভয়ৰ সৈতে এখন যাত্ৰীবাহী গাড়ীৰ সংঘৰ্ষ হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে চিন্তাৰ কোনো কাৰণ নাই বুলি জনাইছে। মুখপাত্ৰগৰাকীয়ে এই কথা জনায়।

বুধবাৰে জেলেনস্কিয়ে উত্তৰ-পূব ইউক্ৰেইন ভ্ৰমণত যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনকো হত্যাৰ চেষ্টা চলোৱা বুলি খবৰ প্ৰকাশ পাইছে। বুধবাৰে ইউৰো উইকলি নিউজৰ উদ্ধৃতি দি জেনেৰেল জিভিআৰৰ টেলিগ্ৰাম চেনেলত এই তথ্য প্ৰকাশ কৰা হৈছে।

এই হত্যাৰ চেষ্টা কেতিয়া হৈছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।