‘ভগ ইণ্ডিয়া’- শীৰ্ষ পৰ্যায়ৰ আলোচনীৰ বেটুপাতত লাভলীনা…

0
863
'ভগ ইণ্ডিয়া'- শীৰ্ষ পৰ্যায়ৰ আলোচনীৰ বেটুপাতত লাভলীনা

‘ভগ ইণ্ডিয়া’- শীৰ্ষ পৰ্যায়ৰ আলোচনীৰ বেটুপাতত লাভলীনা – ২০২০ টকিঅ’ অলিম্পিকত পদক প্ৰাপ্ত ভাৰতবৰ্ষৰ তিনি সফল নাৰীক লৈ এইবাৰৰ ভগ আলোচনীৰ বেটুপাত প্ৰকাশ। সেই তিনি সফল মহিলা হৈছে, পি ভি সিন্ধু, মীৰাবাই চানু আৰু অসম কন্যা লাভলীনা বৰগোহাঁই ।

অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাইক লৈ ভগ আলোচনীত প্ৰকাশিত হোৱা পংতি হৈছে – এক এনে বৰ্ষত য’ত খেলুৱৈ সকলে নিজৰ মানসিক অৱস্থাৰ কথা দোহাৰিলে, তেনে এক সময়তে মীৰাবাইয়ে মানসিক দূৰ্বলতাক আঁতৰ কৰি নিজক অধিক শক্তিশালী কৰি দেশৰ হৈ প্ৰথমটো পদক জয় কৰে।

বস্কিং খেলত অসম তথা দেশৰ হৈ প্ৰথমটো পদক জয় কৰা অসম কন্যা লাভলীনা বৰগোহাঁই ক্ষেত্ৰত ভগ আলোচনীয়ে এনেদৰে লিখে, বাধা বোৰ আঁতৰ কৰি নিজৰ সংকল্পত নিয়োজিত হৈ অলিম্পিকত কেৱল নিজক ধৰি ৰখাৰ স্থানেই নহয়, ইয়াত অধিক শক্তি আৰু ধৈৰ্য্যৰ প্ৰয়োজন। যাৰ কাহিনীয়ে দেশৰ অন্য যুৱতীক অনুপ্ৰাণিত কৰে।

দুবাৰকৈ অলিম্পিক পদক জয় কৰা পি ভি সিন্ধুৰ হৈ আলোচনী খনে কয় যে, সিন্ধু দেশৰ মহিলা খেলুৱৈ সকলৰ ভিতৰত সকলোতকৈ অধিক পঢ়া শুনা কৰা খেলুৱৈ লগতে বিশ্বৰ সকলোতকৈ অধিক উপাৰ্জন কৰা খেলুৱৈ সকলৰ ভিতৰতো এগৰাকী। ব্ৰঞ্জ পদক জয় কৰি সিন্ধুৱে টকিঅ’ অলিম্পিকৰ ষ্টাৰ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰে।

আৰু পঢ়ক : চীনে পুনৰ লাডাখ সীমান্তত বৃদ্ধি কৰিছে সেনাৰ সংখ্যা, স্থলসেনা প্ৰধানৰ মন্তব্য