বলীউডৰ চিনেমাৰ দৰে হিৰোৰ দৰে কৰিছিল এণ্ট্ৰী। বলীউড অভিনেতা বিবেক অবেৰয়ৰ পৰা ৫০০ টকাৰ চালান কাটিলে আৰক্ষীয়ে।
প্ৰকৃততে ভেলেণ্টাইন ডে’ৰ দিনা বিবেক অবেৰয়ে নিজৰ পত্নীৰ লগত বিয়লি প্ৰায় ৭ বজাত বাইক ৰাইডলৈ গৈছিল। কিন্তু দুয়ো মুখত মাস্ক আৰু হেলমেট পৰিধান কৰা নাছিল।
ইয়াৰ উপৰিও অভিনেতাগৰাকীয়ে সেই ৰাইজৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছিল।
মই, মোৰ পত্নী আৰু তেওঁ বুলি কেপশ্যনেৰে দিয়া পষ্টটোত বহু অনুৰাগীয়ে কমেণ্ট কৰিছিল।
ইয়াৰ পাছতে আৰক্ষীয়ে বিবেকৰ পৰা ৫০০ টকাৰ চালান কাটে। মাস্ক আৰু হেলমেট নিপিন্ধাৰ বাবে আৰক্ষীৰ চকুত পৰিলে বিবেক।জুহু আৰক্ষী থানাত বিবেকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰোৱা হৈছে।
আৰু পঢ়ক : কোকৰাঝাৰত ডাইনী সন্দেহত এজন লোকক হত্যাৰ চেষ্টা, আঠজন অভিযুক্তক আটক