25 C
Guwahati
Thursday, May 19, 2022
More

    গণৰাজ্য দিৱসৰ দিনাই ‘বিৰাট’ৰ অৱসৰ গ্ৰহণ; ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

    গণৰাজ্য দিৱসৰ দিনাই ‘বিৰাট’ৰ অৱসৰ গ্ৰহণ; ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

    দেশৰ ৰাষ্ট্ৰপতিৰ সুৰক্ষাত নিয়োজিত বিশেষ ঘোঁৰা ‘বিৰাট’ক ভাৰতীয় সেনাই ৰাষ্ট্ৰপতিৰ বডিগাৰ্ডৰ চাৰ্জাৰ হিচাপে বিশেষ সন্মান প্ৰদান কৰিছে।

    ৰাষ্ট্ৰপতিৰ সুৰক্ষা বেষ্টনিত নিয়োজিত হৈ থকা এই বিশেষ ঘোঁৰাটোৱে আজি অৱসৰ গ্ৰহণ কৰে।

    উল্লেখ্য যে, ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ এই বিশেষ দিনটোত অৱসৰ গ্ৰহণ কৰা ঘোঁৰাটোক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মূৰত থপৰিয়াই বিদায় জনায়।

    ‘বিৰাট’ক আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰ মূহুৰ্তত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু প্ৰতিৰক্ষা মন্ত্ৰী

    সেনা দিৱসৰ প্ৰাকমুহূৰ্তত ১৫ জানুৱাৰিত বিৰাটক স্থল সেনা প্ৰধানৰ প্ৰশংসা প্ৰদান কৰা হৈছিল। বিৰাট হৈছে তেওঁৰ ব্যতিক্ৰমী সেৱা আৰু সামৰ্থ্যৰ বাবে প্ৰশংসা লাভ কৰা প্ৰথম ঘোঁৰা।

    গণতন্ত্ৰ দিৱসৰ পেৰেড সমাপ্ত হোৱাৰ পিছত, পিবিজিয়ে বিৰাটৰ অৱসৰৰ ঘোষণা কৰে। বিৰাটে ১৩ বাৰ এই অনুষ্ঠানত সফলতাৰে অংশগ্ৰহণ কৰিছে।

    ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিসকলৰ লগতে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অনুগ্ৰহ আৰু মৰ্যাদাৰে আনুষ্ঠানিক পেৰেডলৈ লৈ যোৱাৰ গৌৰৱ আছে বিৰাটৰ।

    পেৰেডৰ সময়ত বিৰাটক আটাইতকৈ বিশ্বাসী ঘোঁৰা বুলি গণ্য কৰা হয়। হানোভাৰিয়ান প্ৰজাতিৰ ঘোঁৰাটো ২০০৩ চনত ৰাষ্ট্ৰপতিৰ দেহৰক্ষী পৰিয়ালত অন্তৰ্ভুক্ত কৰা হৈছিল।

    তেওঁক ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ “চাৰ্জাৰ” বুলি কোৱা হয়।

    এই ঘোঁৰাটো ২০০৩ চনত হেমপুৰৰ ৰিমাউণ্ট ট্ৰেইনিং স্কুল এণ্ড ডিপোৰ পৰা তিনি বছৰ বয়সত ইয়ালৈ অনা হৈছিল আৰু অতি শীঘ্ৰেই সকলোৰে আদৰৰ হৈ পৰিছিল।  

    আৰু পঢ়ক : গণৰাজ্য দিৱসৰ দিনা মোদীয়ে পৰিধান কৰিলে মণিপুৰী ষ্টল আৰু উত্তৰাখণ্ডৰ টুপী, সৰ্বত্ৰে চৰ্চা…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং