অনুষ্কাৰ স’তে নহয়, বিৰাট কোহলীয়ে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ বিচাৰে আন এগৰাকী নাৰীৰ স’তেহে! নিজৰ বহু ব্যক্তিগত কথা প্ৰকাশ কৰিলে কোহলীয়ে

0
9664

অনুষ্কা শৰ্মাৰ স’তে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ নিবিচাৰে বিৰাট কোহলীয়ে, বিচাৰে আন এগৰাকী নাৰীৰ স’তেহে! নিজৰ বহু ব্যক্তিগত কথা প্ৰকাশ কৰিলে বিৰাট কোহলীয়ে

অনুষ্কা শৰ্মাৰ স’তে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ নিবিচাৰে বিৰাট কোহলীয়ে। তেওঁৰ ইচ্ছাৰ তালিকাত আন এটা নামহে আছে। ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়কজনে কাৰ স’তে ডিনাৰ কৰিবলৈ ভাল পালেহেঁতেন?

শেহতীয়াকৈ এটা বিজ্ঞাপনৰ ভিডিঅ’ত কোহলীক কেইবাটাও প্ৰশ্ন কৰা হৈছিল ইয়াতে কোহলীয়ে তেওঁৰ বহু ব্যক্তিগত কথা প্ৰকাশ কৰি কৈছিল। তেতিয়ায়ে তেওঁৰ প্ৰিয় মহিলাগৰাকীৰ নাম আহিল।

কোহলীক প্ৰশ্ন কৰা হৈছিল যে, কোনগৰাকী মহিলাক আপুনি ৰাতিৰ আহাৰ খাবলৈ নিমন্ত্ৰণ জনাব বিচাৰে? কোহলীয়ে উত্তৰত কয়- ”বিচৰা নাই, বিচাৰিছিলো। লতা মংগেশকাৰক মই কেতিয়াও লগ নাপালো।

লগ পোৱা হ’লে তেওঁৰ স’তে কথা পাতি বৰ ভাল লাগিলহেঁতেন। তেওঁৰ জীৱনৰ বিষয়ে বহু কথা জানিব পাৰিলোহেতেন। তেওঁক ডিনাৰৰ বাবে আমন্ত্ৰণ কৰাৰ ইচ্ছা আছিল।’’

আন এটা প্ৰশ্নত সোধা হয় যে পৰিয়ালৰ বাহিৰে আন কাৰ লগত নিৰ্জন দ্বীপত তেওঁ থাকিব বিচাৰিব? ইয়াৰ উত্তৰত কোহলীয়ে কয় যে আমেৰিকাৰ প্ৰখ্যাত বক্সাৰ মহম্মদ আলীৰ স’তে থাকিব বিচাৰে।