হঠাৎ টেষ্ট দলৰ অধিনায়কত্ব ত্যাগ বিৰাট কোহলীৰ, বহু কথা কৈ গ’ল পত্ৰত
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২-১ৰ ব্যৱধানত টেষ্ট শৃংখলা পৰাস্ত হোৱাৰ পিছতে বিৰাট কোহলীয়ে ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্ব ত্যাগ কৰে।
কোহলীয়ে আজি কিছু সময় পূৰ্বে টুইটাৰ আৰু ইনষ্টাগ্ৰামযোগে এই কথা ৰাজহুৱা কৰে।
উল্লেখ্য যে ২০১৪ চনত ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰা কোহলী ভাৰতীয় টেষ্ট ক্ৰিকেটৰ সবাটোকৈ সফল অধিনায়ক।
তেওঁ ৬৮ খন মেচত দলক নেতৃত্ব দি ৪০ খন মেচত জয়ী হোৱাৰ বিপৰীতে ১৭ খনত পৰাস্ত হৈছে। আনহাতে ১১ খন মেচ ড্ৰ হৈছে।
টেষ্ট দলৰ অধিনায়কত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰি কোহলীয়ে বি চি চি আই, প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ লগতে প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে ২০১৪ চনত ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰা কোহলী ভাৰতীয় টেষ্ট ক্ৰিকেটৰ সবাটোকৈ সফল অধিনায়ক।
স্মৰ্তব্য যে বিগত টি-২০ বিশ্বকাপৰ পাছতে বিৰাট কোহলীয়ে টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰাত ৰোহিত শৰ্মাই ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ ভাৰ লাভ কৰিছিল।
অৱশ্যে বিৰাট কোহলীয়ে এদিনীয়া আৰু টেষ্ট ক্ৰিকেটত ভাৰতীয় দলক নেতৃত্ব দি যাব বুলি কৈছিল।
কিন্তু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে বি চি চি আইয়ে আকস্মিকভাৱে কোহলীক এদিনীয়া দলৰ অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰাই ৰোহিত শৰ্মাক সেই দায়িত্ব প্ৰদান কৰিছিল।
এই কথাত যথেষ্ট ক্ষুন্ন হৈ পৰিছিল কোহলী। তেওঁক কিয় এদিনীয়া দলৰ অধিনায়কত্বৰ পৰা অপসাৰণ কৰা হ’ল সেই কথা নাজানো বুলি সংবাদ মেলযোগে উল্লেখ কৰি কোহলীয়ে আওপকীয়াকৈ বি চি চি আইকে দোষাৰোপ কৰিছিল।
সংবাদ মেলত বি চি চি আইক দোষাৰোপ কৰাত অনাগত দিনত ক্ৰিকেটাৰ গৰাকীৰ আৰু সংস্থাটোৰ মাজত সম্পৰ্কত ফাঁট মেলিব যে সেই কথাৰ উমান পোৱা গৈছিল।
অৱশ্যে বি চি চি আইৰ তৰফৰ পৰা কোহলীক কোনো ধৰণৰ হেচা প্ৰদান কৰা হোৱা নাই বুলি মন্তব্য কৰি সংস্থাৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে সংবাদ মাধ্যমৰ লগতে ক্ৰিকেট অনুৰাগীক আশ্বস্ত প্ৰদানৰ চেষ্টা চলাইছিল।
এই ধৰণৰ বিতৰ্ক চলি থকাৰ মাজতেই টেষ্ট শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ উৰা মাৰে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দল।
শুকুৰবাৰে সমাপ্ত হোৱা টেষ্ট শৃংখলাটো ২-১ৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছদিনাই কোহলীয়ে আকস্মিকভাৱে অধিনায়কত্ব ত্যাগ কৰা ঘটনাই ক্ৰিকেট অনুৰাগীৰ মনত যথেষ্ট আঘাত হানিছে।
আৰু পঢ়ক : তীব্ৰ যান-জঁট, নগাঁৱৰ ৰাজপথতে উপায়ুক্তক ধমক দি কি ক’লে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?