আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অতিক্ৰম কৰিলে ১৪ বছৰ ! বিশেষ মুহূৰ্তত আবেগিক হ’ল বিৰাট কোহলী

0
16

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অতিক্ৰম কৰিলে ১৪ বছৰ ! বিশেষ মুহূৰ্তত আবেগিক হ’ল বিৰাট কোহলী

বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ ১৪ বছৰ হ’ল।

২০০৮ চনৰ আজিৰ দিনটোতে কোহলীয়ে ডাম্বুলাত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল।

তাৰ পিছত আৰু কোনো দিন কোহলীয়ে পিছলৈ চাব লগা হোৱা নাই।

বৰ্তমানলৈকে তাৰকা খেলুৱৈ গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৩,০০০ ত কৈও অধিক ৰান কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ জগত খনলৈ অহা ১৪ বছৰ হোৱা কথাটো বৃহস্পতিবাৰে খেলুৱৈ গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা ৰীল শ্বেয়াৰ কৰিছে।

য’ত তেওঁৰ ১৪ বছৰৰ এই যাত্ৰাতোৰ কিছু বিশেষ মুহূৰ্ত ধৰি ৰাখিছিল।

অৱশ্যে কিছু দিনৰ পৰা বিৰাট কোহলীয়ে ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰিব পৰা নাই।

তেওঁ ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অর্জন কৰা এক হাজাৰ দিন হ’ল।

৩৩ বছৰীয়া বিৰাট কোহলীয়ে ২০১৯ চনৰ নৱেম্বৰ মাহতে শেষবাৰৰ বাবে শতক অর্জন কৰিছিল।