26 C
Guwahati
Tuesday, September 27, 2022
More

    লাইনচ্যুত ৰে’লৰ ওপৰত উঠি ছেলফি লওতেই অঘটন, এজনৰ মৃত্যু – আন এজনৰ অৱস্থা সংকটজনক, মোবাইলত বন্দী ভয়ংকৰ দৃশ্য়

    লাইনচ্যুত ৰে’লৰ ওপৰত উঠি ছেলফি লওতেই অঘটন, এজনৰ মৃত্যু – আন এজনৰ অৱস্থা সংকটজনক, মোবাইলত বন্দী ভয়ংকৰ দৃশ্য়

    বিহাৰত বুধবাৰে নালন্দা জিলাৰ একাংগৰচৰাই ৰে’ল ষ্টেচনৰ ওচৰত এখন মালবাহী ৰে’লৰ নটা ডবা লাইনচ্যুত হয়। সেই ডবাবোৰ চাবলৈ ভিৰ কৰে বহু লোকে, আনকি ডবা বোৰৰ ওপৰতেই উঠি বহু লোকে ফটৌ উঠাতো লাগি যায়।

    কিন্তু তেনে সময়তে সংঘটিত হয় এক অঘটন। দুজন যুৱকে সেই লাইনচ্যুত ডবাৰ ওপৰত উঠি ফঠো উঠি থাকোতেই সংঘটিত হয় অঘটন। ছেলফি উঠি থকাৰ সময়তে উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি জুইৰ শিখাৰ দৰে নামি আহি আহত কৰে দুই যুৱকক।

    যাৰ ফলত এজন যুৱকৰ ঠাইতে মৃত্যু হোৱাৰ লগতে আন এজন যুৱকে বৰ্তমানে হাস্পতালত জীৱন-মৃত্যুৰে যুঁজ দি আছে। যি সমগ্ৰ ঘটনাৰ দৃশ্য এতিয়া সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।

    জানিব পৰা অনুসৰি, ঝাৰখণ্ডৰ পৰা অহা কয়লাভৰ্তি ৰে’ল এখন ইছলামপুৰ-ফাতুহা ৰেল শাখাৰ মাজেৰে গৈ আছিল। তেনে সময়তে একাংগৰচৰাই ষ্টেচনৰ ওচৰত মালবাহী ৰেলখনৰ ৯ টা ডবা লাইনচ্যুত হৈ পৰে। দুৰ্ঘটনাটোৰ ঠিক পিছতে, ঘটনাস্থলীত শ শ স্থানীয় লোকে ভিৰ কৰে সেই দুৰ্ঘটনা চাবলৈ।

    তাৰেই কিছু লোকে আনকি সেই লাইনচ্যুত ডবা সমুহত উঠি ছেলফি ল’বলৈ আৰম্ভ কৰে। তেনে সময়তে সংঘটিত হয় এই ঘটনা। মৃত্যুমুখত পৰা যুৱকগৰাকী ২২ বছৰীয়া সুৰজ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং