26 C
Guwahati
Thursday, May 26, 2022
More

    কুকুৰৰ গাখীৰ খোৱা বান্দৰক লৈ বাক্সাত কৌতুহল, ভিডিঅ’ ভাইৰেল

    কুকুৰৰ গাখীৰ খোৱা বান্দৰক লৈ বাক্সাত কৌতুহল, ভিডিঅ’ ভাইৰেল

    বাক্সা জিলাৰ গোৰেশ্বৰত এতিয়া এটা কুকুৰ আৰু বান্দৰ জনসাধাৰণৰ বাবে পৰম কৌতুহলৰ বিষয়বস্তু হৈ পৰিছে।

    প্ৰাকৃতিক সহৱস্থানৰ এই বিস্ময় ৰূপত অভিভূত হৈ পৰিছে গোৰেশ্বৰৰ ৰাইজ।

    এটা বান্দৰৰ পোৱালিয়ে গোৰেশ্বৰত কুকুৰৰ গাখীৰ পান কৰি জীয়াই থকাৰ বাবে কৰা সংগ্ৰাম এতিয়া সকলোকে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

    কুকুৰটোৱে কণমানি বান্দৰৰ পোৱালিটো নিজৰ পিঠিত তুলি ইফালৰ পৰা সিফাললৈ লৈ ফুৰে। যিটো সময়ত মানুহে মানুহক চৰম হিংসাত্মকভাৱে হত্যা, ধৰ্ষণ আদিৰ দৰে বৰ্বৰ কাম কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে সেই সময়ত প্ৰকৃতিৰ সূত্ৰ মানি জীৱনধাৰণ কৰি থকা জীৱ-জন্তুৰ ভিন্ন প্ৰজাতিৰ প্ৰতি মৰমে পুনৰবাৰ মানৱ হিচাপে নিজকে আইনাত চোৱাৰ সময় যে এতিয়া সমাগত সেই কথা সোঁৱৰাই দিছে।

    বান্দৰৰ পোৱালিটোৱে মাজে মাজে ভোক লাগিলে কুকুৰজনীৰ পিঠিৰ পৰা নামি আহে আৰু গাখীৰ পান কৰি পুনৰ পিঠিত উঠে।

    এতিয়া কুকুৰ আৰু বান্দৰে সহৱস্থানেৰে ঘুৰি ফুৰাৰ এই আপুৰূগীয়া দৃশ্য চাবলৈ অঞ্চলটোত স্থানীয় লোকে ভিৰ কৰিছে।

    ফটো আৰু ইনপুট- অভিজিৎ তালুকদাৰ

    আৰু পঢ়ক : পুনৰ এনকাউণ্টাৰ; এইবাৰ চোৰাং চিকাৰীৰ ভৰিত গুলীয়ালে আৰক্ষীয়ে, এজন জোৱানো আহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং