23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ দৃশ্য, পাষণ্ড পিতৃয়ে কন্যাক নগ্ম কৰি নিৰ্মমভাৱে প্ৰহাৰ, গোপনে কেমেৰাত বন্দী সকলো দৃশ্য

    গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ দৃশ্য, পাষণ্ড পিতৃয়ে কন্যাক নগ্ম কৰি নিৰ্মমভাৱে প্ৰহাৰ। অকথ্য নিৰ্যাতনৰ গোপনে কেমেৰাত বন্দী সকলো দৃশ্য। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিলচৰৰ আতালবস্তিত।

    পাষণ্ড পিতৃয়ে দহবছৰীয়া কন্যা শিশুক প্ৰহাৰ কৰাৰ এক দৃশ্যই এতিয়া কাছাৰ জিলাত চাঞ্চল্য সৃষ্টি কৰিছে ৷ সকলোৰে সমুখত নগ্ম কৰি লৈ ভৰিৰে লঠিওয়াৰ লগতে বাহেৰে কোবাইচে। আনকি হাত-ভৰি-ডিঙিত ভৰিৰে গছকি দিছে পিতৃয়ে।

    কিন্তু শিশুটিৰ মৰণকাতৰ আৰ্তনাদৰ পিছতো কোনো এজন লোক আগবাঢ়ি আহিব পৰা নাই শিশুটিক উদ্ধাৰ বাবে। কিয়নো পিতৃ গৰাকীয়ে সকলোকে লগত থকা এটা পিষ্টলৰ সহায়ত প্ৰাণে মৰাৰ ভয় দিখুৱাই পিছুৱাই থাকিবলৈ ধমকি দিছে।

    পিতৰ এনে অকথ্য নিৰ্যাতনৰ সমগ্ৰ দৃশ্য স্থানীয় এজন লোকে গোপনে কেমেৰাত বন্দী কৰি ছচিয়েল মিডিয়াত দি দিয়াৰ পিছতে এই ঘটনা পোহৰলৈ আহে ৷ ভিডিঅ ভাইৰেল হোৱাৰ পিছতে কাছাৰ জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ শীঘ্ৰেই দোষী পিতৃক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে৷

    Input and Photo- Yasin Mazumdar

    আৰু পঢ়ক : মহানগৰীৰ এক চৰকাৰী কাৰ্যলয়ত ভয়াবহ কৰ’ণাৰ সংক্ৰমণ, ৫জনে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৭৫ কভিড আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং