ভয়ংকৰ দৃশ্য- ষ্টেছনত ৰৈ থাকোতেই হঠাতে বৈদ্যুতিক তাঁৰ আহি লাগি ধৰে শৰীৰত, থিয়ৈ থিয়ৈ জ্বলি উঠে টিটি

0
32458

ভয়ংকৰ দৃশ্য- ষ্টেছনত ৰৈ থাকোতেই হঠাতে বৈদ্যুতিক তাঁৰ আহি লাগি ধৰে শৰীৰত, থিয়ৈ থিয়ৈ জ্বলি উঠে টিটি। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত।

পশ্চিম বংগৰ খড়গপুৰ ৰে’ল ষ্টেচনৰ পৰা এই আচৰিত ঘটনা পোহৰলৈ আহিছে। ষ্টেচনৰ প্লেটফৰ্মত থিয় হৈ থকাৰ সময়তে এগৰাকী টিটিৰ শৰীৰত হঠাতে বৈদ্যুতিক তাঁৰ চিঙি আহি লাগি ধৰে।

যাৰ ফলত ঠাইতে টিটিৰ শৰীৰৰ পৰা জুই আৰু জুইৰ ফিৰিঙতি বাহিৰ হয়। লগে লগে লোকগৰাকী থিয়ৈ থিয়ৈ পিছফালে থকা ট্ৰেকত পৰি যায়।

ঘটনাস্থলীত উপস্থিত লোকসকলে ঘটনা দেখি চক খোৱাৰ লগতে কোনোমতে টিটি গৰাকীক উদ্ধাৰ কৰি নিকট চিকিৎসালয়ত ভৰ্তি কৰায়।

হাস্পতালত চিকিৎসাৰ অন্তত বৰ্তমানে লোকগৰাকী বিপদমুক্ত বুলি সদৰি চিকিৎসকৰ। আনহাতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ঘটনাটোৰ এটা ভিডিঅ’।

ভাইৰেল ভিডিঅ’টোত, দেখা যায় যে দুগৰাকী টিটি প্লেটফৰ্মত থিয় হৈ কথা পাতি আছে। ঠিক সেই সময়তেই, পিছফালৰ পৰা বৈদ্যুতিক তাঁৰ চিঙি যায় আৰু এজনৰ মূৰত পৰে, যাৰ ফলত তেওঁৰ গোটেই শৰীৰত ফিৰিঙতি বিয়পি পৰে আৰু তেওঁ ট্ৰেকৰ মাজত পৰে।

পাছত প্ৰাথমিত তদন্তত জানিব পৰা যায় যে, সেই বৈদ্যুতিক তাঁৰ পূৰ্বৰে পৰাই ঢিলা হৈ আছিল। যাৰ বাবে সেই বৈদ্যুতিক তাঁৰৰ ওপৰত চৰাই পৰাৰ লগে লগে তাঁৰ চিঙি আহি লোকগৰাকীৰ মূৰত পৰে।