33 C
Guwahati
Monday, September 26, 2022
More

    স্বামীৰ অনুপস্থিতিত প্ৰেমিকৰ সৈতে সম্পৰ্ক ৰাখি নিজেই ভাইৰেল কৰিছিল নিজৰ অশ্লীল ভিডিঅ’, এতিয়া ৰাইজৰ ৰোষত

    স্বামীৰ অনুপস্থিতিত প্ৰেমিকৰ সৈতে সম্পৰ্ক ৰাখি নিজেই ভাইৰেল কৰিছিল নিজৰ অশ্লীল ভিডিঅ’, এতিয়া ৰাইজৰ ৰোষত

    এইখন অসমৰে এই ঘটনা। ৰাইজৰ গুৰুতৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে। মহিলাগৰাকীয়ে হেনো স্বামীৰ অনুপস্থিতিত অন্য পুৰুষৰ সৈতে সম্পৰ্ক ৰাখি পাছত অশ্লীল ভিডিঅ ভাইৰেল কৰি দিছিল ।

    মহিলাগৰাকীয়ে নিজেই ভাইৰেল কৰিছিল নিজৰ অশ্লীল ভিডিঅ’। পাছে এতিয়া ৰাইজৰ ৰোষত। ৰাইজে ঘেৰাও কৰি ৰাখি জেৰা কৰিছে মহিলাক।

    জানিব পৰা অনুসৰি এই নিৰ্লজ্জ ঘটনা ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিচিবৰগাঁৱৰ। সেই অঞ্চলৰে এগৰাকী মহিলাই স্বামী কৰ্মসূত্ৰে বহিঃৰাজ্যত থকাত ওচৰৰে অন্য এখন গাঁৱৰ যুৱকৰ সৈতে গঢ়ি তোলে অবৈধ সম্পৰ্ক।

    সেই মহিলাগৰাকীয়ে যুৱকৰ সৈতে কেৱল গোপনে অবৈধ সম্পৰ্ক কৰাই নহয় সেই সম্পৰ্কৰ অশ্লীল ভিডিঅ সামাজিক মাধ্যমত আপলোড কৰি দিয়ে। যাৰ ফলত বৰ্তমানে গাঁৱৰ প্ৰতিগৰাকীৰ মোবাইলে মোবাইলে সেই ভিডিঅ’।

    এই ঘটনাৰ পাছতে ৰাইজে বিচাৰ কৰি কালি সন্ধিয়া বগীনদীৰ পৰা মহিলাগৰাকীক ধৰি আনে আৰু গোটেই নিশা অঞ্চলৰ ৰাইজে পহৰা দি ৰাখে ।

    সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ তুলি চিচিবৰগাঁও আৰক্ষীক খবৰ দিয়ে । চিচিবৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আনে ।

    ৰাইজ আৰু আৰক্ষীয়ে আনজন অভিযুক্ত জান দেউৰীক বিচাৰি যায় যদিও তেওঁ পলায়ন কৰে । ঘটনা সন্দৰ্ভত চিচিবৰগাঁও আৰক্ষী চকীত এখন ৰাজহুৱা এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

    Input and Photo – Banamali Mahanta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং