অতিকে শোকাবহ, নিৰুপায় পিতৃয়ে কোলাত কৈ লৈ গ’ল সন্তানৰ নিথৰ মৃতদেহ

0
11676

অতিকে শোকাবহ, নিৰুপায় পিতৃয়ে কোলাত কৈ লৈ গ’ল সন্তানৰ নিথৰ মৃতদেহ

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই দাঙি ধৰিলে দেশৰ চিকিৎসা বিভাগৰ ফোপোলা স্বৰূপ। এগৰাকী নিৰুপায় পিতৃয়ে কোলাত কৰি দাঙি নিলে সন্তানৰ নিথৰ মৃতদেহ। ।

মধ্যপ্ৰদেশৰ ছতৰপুৰৰ ৰাজপথৰ এক হৃদয়বিদাৰক দৃশ্য বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যি ভিডিঅ’ দেখি হাজাৰ জনে দুখ প্ৰকাশ কৰিছে।

এগৰাকী পিতৃয়ে ৪ বছৰীয়া কনমানি কন্য়া সন্তানৰ নিথৰ মৃতদেহ কোলাত কৰি দাঙি ৰাজপথেৰে খোজকাঢ়ি গৈ আছে। যি দৃশ্যৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত বিয়পি পৰিছে।

বহু লোকেই এই ভিডিঅ’ দেখি মধ্যপ্ৰদেশৰ চিকিৎসা বিভাগক ককৰ্থনা কৰিছে। আনহাতে একে সময়তে আন এক হৃদয়বিদাৰক দৃশ্য ভাইৰেল হৈছে একে মধ্যপ্ৰদেশৰ পৰাই।

এহাল পিতৃ-মাতৃয়ে এম্বুলেঞ্চ লাভ নকৰি বাইকত পেকেটত ভৰাই ওলোমাই নিব লগা হৈছে সন্তানৰ মৃতদেহ। যাৰ বাবে এতিয়া মধ্যপ্ৰদেশৰ চৰকাৰৰ বিৰুদ্ধেও সৰব হৈ পৰিছে সাধাৰণ জনতাৰ লগতে বিৰোধী দল।

উল্লেখ্য যে, সংঘটিত হোৱা দুয়োটা ঘটনাই হৈছে মধ্য প্ৰদেশৰ ছতৰপুৰ জিলাৰেই ।