প্ৰকৃত প্ৰেমৰ নিদৰ্শন, ভিক্ষা খুজি পোৱা টকাৰে পত্নীক উপহাৰ দিলে বাহন

0
482

প্ৰকৃত প্ৰেমৰ নিদৰ্শন, ভিক্ষা খুজি পোৱা টকাৰে পত্নীক উপহাৰ দিলে বাহন

প্ৰেম কাক বোলে তাৰ কোনো সঠিক সংজ্ঞা নাই। তথাপি বছৰ বছৰ ধৰি বহু প্ৰেমিক যুগল নিনিজ প্ৰেমৰ নিদৰ্শন দাঙি ধৰি আহিছে। এইবাৰ এহাল মগনীয়াৰ সুন্দৰ প্ৰেমৰ গাঁঠা।

কিয়নো পত্নীয়ে বিচৰা অনুসৰিয়েই প্ৰেমিক স্বামীয়ে ভিক্ষা খুজি পোৱা টকাৰেই পত্নীক উপহাৰ দিলে এখন বাহন। যি খবৰ লগতে ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

এই কাহিনী মধ্যপ্ৰদেশৰ চিণ্ডৱাৰা জিলাৰ। স্বামী বিশেষ ভাৱে সক্ষম। তিনিটা চকা থকা চাইকেল লৈ ভিক্ষা খুজি ফুৰে। পত্নীয়ে সেই চাইকেল পিছফালৰ পৰা ঠেলি সহায় কৰি দিয়ে।

তেনেদৰেই নিতৌ বহু দূৰ দূৰ গৈ ভিক্ষা খুজি নিতৌ ৩০০ ৰ পৰা ৪০০ মাম টকা উপাৰ্জন কৰে। কিন্তু পত্নীয়ে কেতিয়াবা বেয়া ৰাস্তা ঘাটত সেই চাইকেল ঠেলিব নোৱাৰা হয়। কেতিয়াবা বেয়াকৈ বেমাৰতো পৰে পত্নী।

সেয়ে পত্নীয়ে স্বামীক কয় মপেড এখন কিনাৰ কথা। পত্নীৰ কথা মতেই কাম। ৪ বছৰে ধৰি ভিক্ষা খুজি পোৱা টকাৰেই এটকা দুটকা জমা কৰি ৯০ হাজাৰ টকা জমা কৰে।

সেই ৯০,০০০ টকাৰেই স্বামীয়ে অৱশেষত এখন মপেড ক্ৰয় কৰে। যি কাহিনীয়ে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । লগতে দুয়োৰে মাজৰ প্ৰেমৰো প্ৰশংসা কৰিছে।