নসত্ৰৰ আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ বিৰুদ্ধে কটু বাক্য আৰু অশ্লীল মন্তব্য কৰি অডিঅ’ ভাইৰেল এজন নেতাৰ!

0
1742
নসত্ৰৰ আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ বিৰুদ্ধে কটু বাক্য আৰু অশ্লীল মন্তব্য কৰি অডিঅ' ভাইৰেল এজন নেতাৰ!

নসত্ৰৰ আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ বিৰুদ্ধে কটু বাক্য আৰু অশ্লীল মন্তব্য কৰি অডিঅ’ ভাইৰেল এজন নেতাৰ!

এগৰাকী বিজেপি নেতাৰ ভাইৰেল অডিঅ’ই লগাইছে অথন্তৰ । লাখ লাখ ভক্তৰ অন্তৰত আঘাট সানি এগৰাকী বিজেপিৰ ৰাজ্যিক নেতাই ভাইৰেল কৰিছে অশ্লীল অডিঅ’ । নসত্ৰৰ আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ বিৰুদ্ধে কটু বাক্য আৰু অশ্লীল মন্তব্য কৰি অডিঅ’ ভাইৰেল কৰি ধৰ্মীয় অনুভূতিত আঘাত সানিছে ৰাজ্যিক বিজেপিৰ যুব মৰ্চাৰ এগৰাকী সদস্যই । এই ঘটনাক লৈ এতিয়া ভক্তৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।

অনুৰাগ লহকৰ নামৰ বিজেপি নেতাৰ কু কাণ্ডই এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ধৰ্মীয় গুৰু নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠাতা আধ্যাত্মিক গুৰু কৃষ্ণগুৰুৰ বিৰুদ্ধে অশ্লীল আৰু কটু মন্তব্য কৰি অডিঅ ভাইৰেল কৰিছে এইগৰাকী বিজেপি নেতা অনুৰাগ লহকৰে ।

সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিত ফুকনৰ অতি ঘনিষ্ঠ তথা ৰাজ্যিক বিজেপিৰ যুব মৰ্চাৰ কাৰ্য্যবাহী সদস্য অনুৰাগ লহকৰে আধ্যাত্মিক গুৰু কৃষ্ণগুৰুৰ লগতে নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ বিৰুদ্ধে এইদৰে নানা কটু বাক্য আৰু অশ্লীল শব্দ প্ৰয়োগ কৰাত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ লাখ লাখ ভক্তৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সততে আশীষ লবলৈ আহি থকা এইখন কৃষ্ণ গুৰু সেৱাশ্ৰমৰ লগতে আধ্যাত্মিক গুৰু জনাৰ বিৰুদ্ধে বিজেপিৰে এজন কাৰ্যকৰ্তাই ইমান অৰূচিশীল মন্তব্য কৰাটো সচাকৈয়ে এক বিতৰ্কৰ বিষয় হৈ পৰিছে ।

ধৰ্মীয় অনুভূতিত আঘাত সানি আধ্যাত্মিক গুৰু এগৰাকীৰ মান হানি কৰা কাৰ্যত ক্ষুদ্ধ হৈ পৰিছে কৃষ্ণ গুৰুৰ ভকত সকল । আৰু এই গৰাকী বিজেপি নেতা লহকৰৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কৃষ্ণ গুৰু ভকতে ।

আৰু পঢ়ক : শিহৰণকাৰীঃ বাৰ্থ ডে’ পাৰ্টিত স্ন’ স্প্ৰে মাৰোতে মুখ জ্বলিল বাৰ্থ ডে’ বয়ৰ