29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিলাসীপাৰাত ৰে’ল সুৰক্ষা বাহিনীৰ বাহন আৰু মালবাহী ট্ৰাকৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ

    পথৰ দাঁতিত লুটিবাগৰ RPFৰ টাটা চুম' বাহন

    ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰাৰ বৰকান্দাত ভয়ংকৰ পথ দুৰ্ঘটনা| RPF(ৰে’ল সুৰক্ষা বাহিনী)ৰ বাহনৰে মালবাহী ট্ৰাকৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ| ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটি।

    পথৰ দাঁতিত কেইবাপাক খাই বাগৰি পৰে ৰে’ল সুৰক্ষা বাহিনীৰ টাটা চুম’ বাহনখন। ৰাইজৰ সহযোগত নয়াহাট আৰক্ষীয়ে টাটা চুম’ত থকা RPFৰ চাৰি জন জোৱানক উদ্ধাৰ কৰে।

    দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৰে’ল সুৰক্ষা বাহিনীৰ পৰিদৰ্শক সুৰেন্দৰ সিং(৪০) হাবিলদাৰ মছলেম হক খন্দকাৰ(৫০)কনিষ্টবল ৰঞ্জিৎ কুমাৰ হাজোং(৪৫) আৰু চালক ৰফিকুল ইছলাম (৩৫)।

    কনিষ্টবল ৰঞ্জিৎ কুমাৰ হাজোঙক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰে যদিও কিছু সয়ম পিছতে তেখেতে মৃত্যুূৰ বৰণ কৰে। দুৰ্ঘটনাত পতিত টাটা চুম’ খনৰ নম্বৰ AS 12C-7666 আৰু ট্ৰাক খনৰ নম্বৰ WB -23D 1933।

    Photo credit:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং