পুনৰ বিতৰ্কত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলী; গুৰুতৰ অভিযোগেৰে থানাত এজাহাৰ পত্নীৰ

0
5927

বিতৰ্কই লগ নেৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ বিৰুদ্ধে এইবাৰ তেওঁৰ পত্নীয়ে  মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত দাখিল কৰিছে এক গুৰুতৰ অভিযোগ।

প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ বিৰুদ্ধে নিচাগ্ৰস্ত অৱস্থাত তেওঁৰ পত্নীক প্ৰহাৰ আৰু অভব্য আচৰণ কৰাৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

এণ্ড্ৰিয়া হেউইটে দাখিল কৰা অভিযোগত উল্লেখ কৰে যে কাম্বলীয়ে তেওঁক অভব্য ভাষাৰে গালি-গালাজ কৰাৰ লগতে প্ৰহাৰ কৰিছিল।

অৱশ্যে এই অভিযোগ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

দেশৰ আগশাৰীৰ এটা সংবাদ সংস্থাৰ মতে, এই ঘটনাটো বান্দ্ৰাত থকা তেওঁৰ ঘৰত সংঘটিত হৈছিল।

সংবাদ সংস্থাটোৱে বান্দ্ৰা আৰক্ষী থানাৰ এজন বিষয়াৰ উদ্ধৃতি দি কয় যে এণ্ড্ৰিয়াই অভিযোগ কৰিছে যে কাম্বলীয়ে এটা ৰন্ধন সামগ্ৰী তেওঁৰ গালৈ দলিয়াই দিছিল যাৰ বাবে তেওঁ মূৰত আঘাত পাইছিল।

এই ঘটনাৰ পিছত এণ্ড্ৰিয়াই চিকিৎসা পৰীক্ষাৰ বাবে ভাভা চিকিৎসালয়লৈ গৈছিল।

পত্নীৰ অভিযোগৰ ভিত্তিত, বান্দ্ৰা আৰক্ষীয়ে শুকুৰবাৰে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩২৪ (ইচ্ছাকৃতভাৱে বিপদজনক অস্ত্ৰৰ দ্বাৰা আঘাত প্ৰাপ্ত কৰা) আৰু ৫০৪ (শান্তি ভংগৰ উদ্দেশ্যৰে ইচ্ছাকৃত অপমান)ৰ অধীনত কাম্বলীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰে।