ৰিয়ান পৰাগৰ বিস্ফোৰক শতকৰ সহায়ত শক্তিশালী ৰাজস্থানক পৰাস্ত অসমৰ

0
423
দুৰ্বল ফৰ্মৰে যুঁজি থকা কোহলীক কি উপদেশ দিলে ৰিয়ান পৰাগে?
ৰিয়ান পৰাগ, ফাইল ফটো

ছৈয়দ মুস্তাক আলী ট্ৰফীত আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱা অসমে বিজয় হাজাৰে ট্ৰফীত চমকপ্ৰদ প্ৰদৰ্শনেৰে নিজৰ অভিযান আৰম্ভ কৰিছে।

আজিৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত অসমে ১৪৩ ৰানত পৰাস্ত কৰে শক্তিশালী প্ৰতিপক্ষ ৰাজস্থানক।

কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় কেম্পাছ গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা মেচখনত অসমৰ বিজয়ৰ মূলতে আছিল তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ দৰ্শনীয় শতক আৰু অসমৰ বলাৰৰ উজ্জীৱিত প্ৰদৰ্শন।

আজিৰ মেচখনত ৰাজস্থানে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। অসমে ৰিয়ান পৰাগৰ ১১৭ ৰান আৰু বলাৰ মুখতাৰ হুছেইনৰ ৩৯ ৰানৰ সহায়ত ৪৬.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৭১ ৰান সংগ্ৰহ কৰে।

ৰিয়ানে ৮৪টা বলত ১০টা ছয় আৰু চাৰিটা ছয়ৰ সহায়ত খেলে এই বিস্ফোৰক ইনিংছটো।

ৰাজস্থানৰ মোহিত জৈনে সৰ্বাধিক তিনিটা উইকেট লাভ কৰে।

ইফালে ২৭২ ৰানৰ লক্ষ্য পিছা কৰিবলৈ অহা ৰাজস্থানৰ বেটছমেন সকল অসমৰ বলাৰৰ সন্মুখত দিশহাৰা হোৱা দেখা যায়। ৰাজস্থানৰ অপেনাৰ অভিজিত টোমৰৰ ৫৯ ৰানক বাদ দি শক্তিশালী ৰাজস্থানৰ কোনো এজন বেটছমেন ১৫ ৰানৰো অধিক বৰঙণি আগবঢ়াব নোৱাৰিলে আৰু ১৩৩ ৰানত অলআউট হয়।

অসমৰ মৃণ্ময় দত্ত আৰু অভিনৱ চৌধুৰীয়ে তিনিটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে ৰাজাকুদ্দিন আহমেদে দুটা আৰু মুখতাৰ হুছেইনে এটা উইকেট লাভ কৰে।

অসমে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন মেচ ১৩ নৱেম্বৰ অৰ্থাত কাইলৈ ইডেন গাৰ্ডেনত ঝাৰখণ্ডৰ বিৰুদ্ধে খেলিব।